![]()
নিউজ ডেস্কঃ
সম্প্রতি এজন ফেচবুক ব্যৱহাৰকাৰীয়ে এখন ছবি পোষ্ট কৰিছে। ছবিখন তিনিডাল ফেঁটীসাপৰ। এডাল সৰু গছক মেৰিয়াই ধৰি ফণা তুলি আছে তিনিওডালে। দেখিলে এনে লাগে যেন ফোটোগ্রাফাৰৰ বাবে প’জ দিছে সাপকেইডালে।
ছবিখন মহাৰাষ্ট্রৰ মেলঘাটৰ হৰিশাল অৰণ্যৰ। তুলিছে ৰাজেন্দ্র ছেমালকৰ নামৰ এজন পর্যটকে। ছবিখন তেওঁ ফেচবুকত পোষ্ট কৰাৰ লগে লগেই তীব্ৰ গতিত ভাইৰেল হহৈ পৰে। টুইটাৰ আৰু ইনষ্টাগ্রামতো শ্বেয়াৰ হৈছে।













