![]()
নিউজ ডেস্কঃ
অৰুণাচল সীমান্তৰ কাষত আৰু এক বসতি স্থাপন কৰিছে চীনে। সর্বভাৰতীয় সংবাদ মাধ্যমৰ এনডিটিভিৰ হাতত পৰা উপগ্রহ চিত্রৰ পৰা স্পষ্ট যে অৰুণাচল প্রদেশৰ নিচেই কাষতে প্ৰায় ৬০টা বিল্ডিংসহ এক নতুন বসতিস্থান নিৰ্মাণ হৈছে। ২০১৯ চনৰ উপগ্রহ চিত্রত দেখা গৈছে উক্ত স্থানত তেতিয়া একোৱেই নাছিল। ইয়াৰ পূৰ্বে ৯৩টা নির্মাণকাৰ্যৰে গঢ়া গাঁওখনৰ পৰা নতুন গাঁওখন ৯৩ কিঃমিঃ পূবে অৱস্থিত। এই গাঁওখনৰ কথাও জানুৱাৰী মাহত প্ৰকাশ পাইছিল। সম্প্রতি মার্কিন প্রতিৰক্ষা বিভাগৰ উপগ্রহ চিত্রই সেয়া নিশ্চিত কৰিছে।
নতুন গাঁওখন আন্তর্জাতিক সীমান্ত আৰু প্রকৃত নিয়ন্ত্রণ ৰেখাৰ ভিতৰত ভাৰতৰ পৰা মাত্র ৬ কিঃমিঃ দূৰত্বত অৱস্থিত। জানিব পৰা মতে, ঠাইটুকুৰা আগতে ভাৰতৰ আছিল কিন্তু চীনে বৰ্তমান অবৈধভাবে দখল কৰি ৰাখিছে।













