![]()
ছাইদুল ইছলাম,
ডিফুঃ
ক্ৰীড়াৰ খেত্ৰত পাহাৰীয়া জিলা কাৰবি আংলঙৰ বাবে আহিছে ইটোৰ পিছত সিটো ভাল খবৰ ৷ শুকুৰবাৰে মৰিগাওঁ জিলাৰ ভুৰবন্ধা খেল পথাৰত ২৪ সংখ্যক সদৌ অসম আন্তঃজিলা মহিলা ফুটবল চেম্পীয়ণশ্বীপৰ চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰাৰ পিছত জিলা খনৰ মহিলা ফুটবল দলৰ চাৰিগৰীকী খেলুৱৈ সৰ্বভাৰতীয় চেম্পীয়নশ্বীপৰ বাবে নিৰ্বাচিত হোৱাৰ খবৰে কাৰবি আংলঙৰ ক্ৰীড়াৰ জগতখনত নতুন আশাৰ সঞ্চাৰ কৰিছে ৷ উল্লেখযোগ্যযে সদৌ অসম আন্তঃজিলা মহিলা ফুটবল চেম্পীয়নশ্বীপত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে ছৈনজিলা কেম্প্ৰাই,ছোনিয়া মাৰাক, লিৰবন টিচপী, আৰু মেঘাস্মিতা ক্ৰপী কেৰেলাত অনুষ্ঠিত হব লগীয়া সৰ্বভাৰতীয় জ্যেষ্ঠ মহিলা ফুটবল চেম্পীয়নশ্বীপৰ বাবে নিৰ্বাচিত হৈছে ৷ চাৰিজনীয়া খেলুৱৈৰ দলটো ২২ নৱেম্বৰত কেৰেলালৈ বুলি ৰাওনা হব বুলি জানিব পৰা গৈছে ৷
ছাইদুল ইছলাম, ডিফু













