![]()
নিউজ ডেস্কঃ
ৰাজ্যৰ সৰ্বত্ৰে ড্ৰাগছ বিৰোধী অভিযান চলি থকাৰ মাজতে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে মহানগৰ আৰক্ষী । এক গোপন সূত্ৰৰ ভিত্তিত, কামৰূপ মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থসাৰথি মহন্ত, উপ আৰক্ষী অধীক্ষক কল্যাণ পাঠক আৰু কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ৰ নেতৃত্বত আৰক্ষীয়ে চলোৱা এক যুটীয়া অভিযানত বৰ্ণিহাটৰপৰা কেইবাকোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে আটক কৰা হয় তিনিটা ড্ৰাগছ সৰবৰাহকাৰী ।

জব্দকৃত প্ৰায় ৫০০ গ্ৰাম ড্ৰাগছৰ বজাৰমূল্য চাৰিকোটি । উল্লেখ্য যে , ট্ৰাকৰ লুকিং গ্লাছৰ পিছফালে চেম্বাৰ বনাই ৪০ টা পেকেটত অতি কৌশলেৰে মণিপুৰৰ পৰা আনিছিল ড্ৰাগছ খিনি।
এইদৰে অৱগত কৰে মহানগৰৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে। অভিযানত মণিপুৰৰ ৰমেশ কুমাৰ ছেত্ৰী , মণিপুৰৰ আইথেমছা মুচলাম আৰু মহানগৰীৰ ভেটাপাৰা অঞ্চলৰ ইনাওভাম নামৰ তিনিটা ড্ৰাগছ মাফিয়াক আটক কৰে আৰক্ষীয়ে। আনহাতে, MN 07 C 4292 নম্বৰ পঞ্জীয়নকৃত ট্ৰাকখনো জব্দ কৰে আৰক্ষীয়ে।













