![]()
নিউজ ডেস্কঃ
লংকাৰ স্বয়ম্ভূ প্ৰকৃতি প্ৰেমী ড° ৰহমত আলীক গ্ৰেপ্তাৰ আৰক্ষীৰ।।
লামডিং বনাঞ্চল উচ্ছেদৰ সময়ত ৯ নবেম্বৰ তাৰিখে উচ্ছেদিত ৰাইজে ধন বিচৰাৰ অভিযোগ তুলি জানজু অঞ্চলত পহু খেদা দিছিল ড° ৰহমত আলীক।।
ৰহমত আলীক পহু খেদা দিয়াৰ লগতে চোকা অস্তৰে আক্ৰমণ কৰিছিল উচ্ছেদিত লোকসকলে ।।
পিছত, ৰহমত আলী চিকিৎসাৰ বাবে ভৰ্তি হয় হোজাই হাম চিকিৎসালয়ত।।
স্বাস্থ্যৰ কিছু উন্নতি হোৱাত হোজাই ব্যক্তিগত চিকিৎসালয়ৰ পৰা অব্যাহতি লোৱা সময়তেই ভূ-মাফিয়াৰ অভিযোগত হোজাই আৰক্ষীয়ে আটক কৰে ৰহমত আলীক।।
কিন্তু শাৰীৰিক অসুস্থ হোৱাৰ অজুহাত দেখুৱাত ৰহমত আলীক হোজাই আৰক্ষীয়ে, আৰক্ষীৰ নিৰীক্ষণত গুৱাহাটী মেডিকেল কলেজলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।।
বৰ্তমান, আৰক্ষীৰ নিৰীক্ষণত গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন ৰহমত আলী।।













