মনোৰঞ্জনঃ
অসমীয়া কণ্ঠশিল্পী মণ্টুমণি শইকীয়াৰ ‘মৰম সাঁচিছো” শীৰ্ষক এটি নতুন গীতে ভিডিঅ’সহ অহা ২০ নৱেম্বৰ তাৰিখে লাভ কৰিব মুক্তি। ইতিমধ্যে গীতটিৰ টিজাৰ ৰাইজৰ মাজত উলিয়াই দিয়া হৈছে।এগৰাকী সফল কণ্ঠশিল্পী ৰূপে পৰিচিত মণ্টুমণি শইকীয়াৰ প্ৰতিটো গীতেই জনপ্ৰিয় তথা তেওঁৰ গীতসমূহৰ বাবে অপেক্ষাৰত প্ৰতিজন সংগীতপ্ৰেমী শ্ৰোতা। গীতটিৰ ভিডিঅ’ ত কণ্ঠশিল্পী গৰাকীৰ সৈতে অভিনয় কৰিছে পূবালী গগৈ আৰু হিনা কাশ্যপে। গীতটিত কথা দিছে মণ্টুমণি শইকীয়া আৰু ৰিতুমণিয়ে। সংগীত ধ্ৰুৱ ঠাকুৰীয়াৰ লগতে গীতটিত সুৰ কৰিছে ৰিতুমণি বৰদলৈয়ে। সহযোগী গীতিকাৰ হৈছে ৰাহুল গৌতম শৰ্মা; শব্দ সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে।
https://www.instagram.com/tv/CWbChnOgal0/?utm_medium=copy_link
যোৰহাটত জন্মগ্ৰহণ কৰা এইগৰাকী কন্ঠশিল্পীয়ে “পাহি” এলবামটিৰ সৈতে ৰাইজৰ সমুখলৈ আহি পিছলৈ “জাপে দিম দিচাং ত” শীৰ্ষক গীতটিৰ জৰিয়তে দৰ্শকৰ হৃদয়ত বাস কৰিবলৈ সক্ষম হৈ পৰিছিল।চেল্ফী লে লে ৰে”, “ৰৈ ৰৈ চাওঁ তোক”, “বগী বগী ছোৱালী” ইত্যাদি তেওঁৰ গীত সমূহ বৰ্তমানেও জনপ্ৰিয় হৈ আছে সকলোৰে মাজত।