![]()
মনোৰঞ্জনঃ
গুৰুনানক জয়ন্তীৰ শুভক্ষণত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিখন কৃষি আইন প্ৰত্যাহাৰৰ কথা স্পষ্ট কৰে। বিগত প্ৰায় এবছৰ ধৰি এই আইনক লৈ খেতিয়ক সকলে বিৰোধিতা কৰি অহা লগতে প্ৰতিবাদ কৰিছিল। ই এক এনে বিষয় আছিল য’ত বহুকেইগৰাকী জনপ্ৰিয় বলীউড তাৰকাই নিজ মতামত ব্যক্ত কৰিছিল। শেহতীয়াকৈ এই কৃষি আইনৰ প্ৰত্যাহাৰৰ কথাই ক্ষোভিত কৰিছে পদ্মশ্ৰী সন্মানপ্ৰাপ্ত অভিনেত্ৰী কংগনা ৰাণাওটক। ভিক্ষা কৰা আজাদী তথা মহাত্মা গান্ধীক লৈ কৰা মন্তব্যৰ ফলত বিগত কেইদিনৰ পৰা চৰ্চা লাভ কৰিছিল অভিনেত্ৰী গৰাকীয়ে। আৰু এইবাৰ আইন প্ৰত্যাহাৰৰ কথাক দেশৰ বাবে দুখজনক আৰু লজ্জাজনক বুলি মন্তব্য কৰে।
কিন্তু ইয়াৰ বিপৰীতে অভিনেতা সনু সোদে উক্ত বিষয়টোত সুখানুভূতি ব্যক্ত কৰি কয় যে, “পুনৰ বাৰ কৃষকে হাঁহিব”। লগতে, তেওঁ নৰেন্দ্ৰ মোদীক এনে ঐতিহাসিক সিদ্ধান্ত গ্ৰহণৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।













