![]()
নিউজ ডেস্কঃ
আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰা পিছতেই হোজাইৰ ডবকাত আৰক্ষীয়ে একাউণ্টাৰ কৰে কুখ্যাত বাইক চোৰ জাকিৰক। বিগত ১৪ নৱেম্বৰ তাৰিখে হোজাইৰ বৰহাওৰৰ পৰা বাইক চোৰ জাকিৰক গ্ৰেপ্তাৰ কৰিছিল আৰু জাকিৰৰ স্বীকাৰোক্তিৰ ওপৰত ভিত্তি কৰিয়েই চাহাব উদ্দিন, নাগালেণ্ড ধনশিৰিৰ পৰা ফিলিপ চৌহাংগ আৰু আচি নুমাইক ডবকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
গ্ৰেপ্তাৰৰ পিছত জাকিৰৰ পৰা তিনিখন চুৰি মটৰচাইকেল জব্দ কৰে আৰক্ষীয়ে। সম্প্ৰতি নগাঁও চিভিলত ভৰ্তি কৰা হৈছে জাকিৰক।













