![]()
নিউজ ডেস্কঃ
প্রবল বৰষুণ আৰু বানত অন্ধ্রপ্রদেশৰ ৰায়লসীমা অঞ্চলত মৃত্যু হৈছে ১৭ জনৰ। নিখোঁজ শতাধিক লোক। ৰাজ্য প্রশাসনৰ সূত্র মতে, কেৱল কাদাপা জিলাতেই মৃত্যু হৈছে ৮ জনৰ। নিখোঁজ ১২ জন। বঙ্গোপসাগৰৰ ওপৰত সৃষ্টি হোৱা নিম্নচাপৰ ফলত শুক্রবাৰৰ পৰা ৰাজ্যৰ ৰায়লসীমা অঞ্চলৰ তিনি জিলা আৰু এখন উপকূলীয় জিলাত প্ৰবল বৰষুণৰ সতর্কতা জাৰি কৰিছিল বতৰ বিজ্ঞান কেন্দ্ৰই।
পূর্বাভাস অনুযায়ী শুক্রবাৰে পুৱাৰ পৰাই কাড়াপা আৰু অনন্তপুৰ জিলাত প্রবল বৰষুণ আৰম্ভ হয়। যাৰ ফলত বানৰ সৃষ্টি হয়। তাৰ ফলত নিখোঁজ হয় শতাধিক লোক। চেয়ুৰু নদীৰ পানী বাঢ়ি লোকালয়ত সোমাই পৰে আৰু পথ যোগাযোগ বিচ্ছিন্ন হৈ যায় কাড়াপা আৰু অনন্তপুৰ জিলাত। তিৰুমালা মন্দিৰ জলমগ্ন হৈ পৰাত বহু তীৰ্থযাত্ৰী তাত আবদ্ধ হৈ পৰা বুলি স্থানীয় সূত্রত প্ৰকাশ। তেওঁলোকৰ থকা-খোৱাৰ ব্যৱস্থা কৰিছে মন্দিৰ কর্তৃপক্ষই।













