![]()
নিউজ ডেস্কঃ
বায়ু প্ৰদূষণত বিপর্যস্ত দিল্লীত দীপাৱলীৰ পিছৰ পৰাই বায়ুমণ্ডল ধূলি আৰু ধোঁৱাৰ চাদৰে ঢাকি ৰাখিছে। পৰিস্থিতি চাই পৰিবেশবিদসকলৰ বহুতেই ১৯৫২ চনৰ লণ্ডনৰ গেছ চেম্বাৰৰ পৰিস্থিতিৰ সৈতে তুলনা কৰিছে। দেশৰ সৰ্বাধিক প্ৰদূষিত বায়ুৰ চহৰ হিচাবে উঠিছে দিল্লীৰ নাম। প্রবল ধোঁৱাৰ কাৰণে দিল্লীৰ কেইবাটাও অঞ্চলত শুক্রবাৰে দৃশ্যমানতা নামে ৫০ শতাংশলৈ।
দিল্লী চৰকাৰে প্ৰদূষণ মোকাবিলাত কিছু বাধা-নিষেধ মানি চলাৰ কথা কৈছে চহৰবাসীক। বাহিৰলৈ ওলালে ডিঙিত মাফলাৰ আৰু চকুত ছানগ্লাছ পিন্ধাৰ পৰামর্শ দিয়া হৈছে। আনকি ঘৰত থকা অৱস্থাতো প্রয়োজন অনুসৰি মাস্ক পিন্ধাৰ কথাও কোৱা হৈছে। উদ্যোগ প্ৰদূষণ কমাবলৈ ইতিমধ্যেই দিল্লীৰ ১১টা তাপবিদ্যুৎ কেন্দ্রৰ ভিতৰত ছয়টা বন্ধ ৰখা হৈছে।
আনহাতে, চিকিৎসকসকলৰ একাংশই জনাইছে, দিল্লীৰ বতাহত ২.৫ মাইক্রন ঘনত্বৰ সূক্ষ্ম ধূলিকণা (পিএম ২.৫) বৃদ্ধিৰ কাৰণে হাওঁফাওঁৰ সমস্যা বাঢ়িছে। বতাহত ভাসমান সাধাৰণ ১০ মাইক্রন ঘনত্বৰ ধূলিকণা (পিএম ১০) নাকৰ ভিতৰৰ নোমত লাগি ৰৈ যায় যদিও পিএম ২.৫ বা সূক্ষ্ম ধূলিকণা পোনেপোনে হাওঁফাওঁ পর্যন্ত সোমাই যায়।













