![]()
নিউজ ডেস্কঃ
বিগত ২৪ ঘণ্টাত দেশত কৰোনাত আক্রান্ত হৈছে ১০ হাজাৰ ৩০২ জন। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি, দেশত মুঠ আক্রান্তৰ সংখ্যা ৩ কোটি ৪৪ লক্ষ ৯৯ হাজাৰ ৯২৫।
আনহাতে, বিগত ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ২৬৭ জনৰ। ইয়াৰ ভিতৰত ২০৪ জনেই কেৰালাৰ। মহাৰাষ্ট্রত ১৫, তামিলনাডুত ১৩ আৰু পশ্চিমবঙ্গত ৯ জনৰ মৃত্যু হৈছে। দেশৰ বাকী ৰাজ্যবোৰত এই সংখ্যা পাঁচৰ কম।
ইফালে বিগত ২৪ ঘণ্টাত দেশত সক্ৰিয় ৰোগী কমিছে ১ হাজাৰ ৭৫২। দেশত বৰ্তমান সক্রিয় ৰোগী আছে ১ লক্ষ ২৪ হাজাৰ ৮৬৮।
দেশৰ দৈনিক আক্রান্তৰ আধাৰো বেছি কেৱল কেৰালাৰ পৰা। বিগত ২৪ ঘণ্টাত ৰাজ্যখনত আক্রান্ত ৫ হাজাৰ ৭৫৪ জন। মহাৰাষ্ট্রত ৯০৪, পশ্চিমবঙ্গত ৮৭৭ আৰু তামিলনাডুত ৭৭২। বাকী সকলো ৰাজ্যতেই ৫০০ৰ তলত আছে আক্রান্তৰ সংখ্যা।













