ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বিভিন্ন দাবীকলৈ তাৰালাংছত খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা অসমৰ সংবাদমেল

News Desk by News Desk
November 20, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ

RELATED POSTS

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

ডিফু : খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা অসমৰ উদ্যোগত আজি বিয়লি কার্বি আংলং জিলাৰ ডিফুৰ তাৰালাংছস্থিত কার্বি পিপছ হল প্রাংগণত এক সংবাদমেলৰ আয়োজন কৰি চৰকাৰৰ ওচৰত সন্মিলিতভাৱে কেইবাটাও গুৰুত্বপূর্ণ দাবী উত্থাপন কৰে।

সংবাদমেল যোগে, খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাসমূহৰ নেতৃত্বই কৰা দাবী অনুসৰি চৰকাৰে নতুনকৈ প্রৱর্তন কৰা ৰাষ্ট্রীয় শিক্ষানীতি ২০২০ অনুসৰি ২০২২ চনৰ নতুন শিক্ষাবর্ষৰ পৰাই নতুন শিক্ষানীতি প্রয়োগ কৰি মিচিং, ৰাভা, দেউৰী আৰু তিৱা ভাষাক পঞ্চম শ্রেণীলৈ আৰু কার্বি ভাষাক অষ্টম শ্রেণীলৈকে শিক্ষাৰ মাধ্যম হিচাপে প্রবর্তন কৰাৰ বাবে অসম মন্ত্রীসভাৰ কেবিনেট সিদ্ধান্ত গ্রহণ কৰি বাজ্যপালৰ দ্বাৰা আধ্যাদেশ জাৰী কৰোৱাৰ আহ্বান জনায়। লগতে প্রাক প্রাথমিকৰ পৰা পঞ্চম শ্রেণীলৈকে মিচিং, ৰাভা, তিৱা, দেউৰী আৰু কার্বি ভাষাৰ পাঠ্যক্রম আৰু পাঠ্যপুথি প্রণয়নৰ কাম আৰম্ভ কৰাৰ বাবে অসম চৰকাৰৰ ওচৰত দাবী জনায়।

আনহাতে, যোৱা ৩০ ছেপ্টেম্বৰত ধেমাজিত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেটৰ বৈঠকত লোৱা কেতবোৰ সিদ্ধান্তৰ বাবেও সাহিত্য সভা সমালোচনাত সৰৱ হৈ পৰা দেখা যায়। খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ অভিযোগ অনুসৰি, উক্ত বৈঠকত মুর্কংচেলেক জনজাতীয় খণ্ড আৰু আবেষ্টনীত আহোম, কোচ-বাজবংশী, মটক আৰু গোর্খা শ্রেণীক সুৰক্ষিত শ্রেণীৰ অধিকাৰ প্রদান কৰাৰ বিপৰীতে চাৰিকড়িয়া, ঢকুৱাখনা খণ্ড আৰু আবেষ্টনীৰ ভূমি সম্পূর্ণ সংৰক্ষণমুক্ত কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। ঠিক সেইদৰে যোৱা চাৰি নৱেম্বৰত অনুষ্ঠিত হোৱা কেবিনেটৰ বৈঠকত কামৰূপ মহানগৰ আৰু কামৰূপ গ্রাম্য জিলাৰ জনজাতীয় খণ্ড আৰু আৱেষ্টনীৰ ভূমি সংৰক্ষণমুক্ত কৰি অজনজাতি লোকৰ মাজত কিনা-বেচা কৰাৰ অধিকাৰ, বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান, ব্যবসায়িক প্রতিষ্ঠান আৰু অসংৰক্ষিত জাতিৰ লোকক ভূমি হস্তান্তৰ কৰাৰ ক্ষেত্রত সম্পূর্ণ কৰ্তৃত্ব জিলা উপায়ুক্তসকলক দিয়া হৈছে।

ইয়াৰ উপৰি অসম ভূমি নীতি ২০১৯ৰ ১৭.৫ নং দফা সম্পূর্ণৰূপে বাতিলৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে। এনে সিদ্ধান্তৰ দ্বাৰা জনজাতীয় খণ্ড আৰু আবেষ্টনীৰ ভূমিসমূহ অবাধে হস্তান্তৰ কৰি জনজাতীয় লোকসকলক নিঃশেষ কৰাৰ গভীৰ ষড়যন্ত্র কৰা বুলি প্রতিক্রিয়া প্রকাশ কৰি সভাই সদৌ অসম ট্রাইবেল সংঘৰ নেতৃত্বত জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি, অসমৰ দ্বাৰা যোৱা দহ নৱেম্বৰত গ্রহণ কৰা সিদ্ধান্তলৈ খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা অসমৰ তৰফৰ পৰা পূর্ণ সমর্থন জনোৱাৰ লগতে অহা ২২ নৱেম্বৰৰ জিলাভিত্তিত গণধর্ণা কার্যসূচীৰ প্রতি পূর্ণ সমর্থন জনোৱাৰ কথা সংবাদমেলযোগে ঘোষণা কৰে। লগতে, উক্ত কার্যসূচীত সভাৰ অস্তর্ভুক্ত আঠ জনজাতীয় সাহিত্য সভাৰ জিলা আৰু আঞ্চলিক সমিতিসমূহৰ নিজ নিজ জিলাত কার্যসূচীত অংশগ্রহণৰ বাবে আহ্বান জনায়।

আনহাতে, অসমৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত খালী হৈ থকা পদসমূহ পূৰণৰ বাবে যোৱা আঠ ছেপ্টেম্বৰত প্রকাশিত বিজ্ঞাপন অনুসৰি ২২৭২ পদ ভৈয়াম জনজাতি আৰু ১৯৭ পদ পাহাৰীয়া জনজাতিৰ প্রার্থীব বাবে সংৰক্ষিত কৰি ৰখা হৈছে। লগতে অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ বাবে দশম শ্রেণীলৈকে অসমীয়া আৰু বঙালী ভাষা বাধ্যতামূলক কৰা হৈছে। যাৰ ফলত বড়ো আৰু গাৰো মাধ্যমত শিক্ষাগ্রহণ কৰা প্রার্থীসকল এই পদত আবেদন কৰাৰ পৰা বঞ্চিত হ’ব বুলি সভাই আশংকা প্রকাশ কৰে। সেয়েহে, ভৈয়াম আৰু পাহাৰীয়া জনজাতিৰ প্রার্থীৰ ক্ষেত্রত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ সিদ্ধান্ত বাতিল কৰাৰ বাবে সভাই সংবাদমেলযোগে দাবী জনায়। ইয়াৰ উপৰি অসম আৰক্ষীৰ লিখিত পৰীক্ষাত কেৱল অসমীয়া ভাষাৰ পৰিবর্তে প্রশ্ন কাকত প্রতিটো ভাষা অথবা মাধ্যমত প্রস্তুত কৰাৰ বাবেও দাবী উত্থাপন কৰে।

যোৱা ১৩ আৰু ১৪ নৱেম্বৰত হোজাই জিলাৰ ডেকাবস্তি আৰু পাগলাবস্তিৰ মুঠ ৯৪টা গাৰো জনজাতিৰ পৰিয়ালক চৰকাৰে উচ্ছেদ কৰা কার্যক খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসমৰ তৰফৰ পৰা তীব্র ভাষাৰে গৰিহণা দিয়াৰ লগতে উক্ত খিলঞ্জীয়া গাৰোসকলক উপযুক্ত ক্ষতিপূৰণসহ বর্তমানৰ বসতিস্থানতে সংস্থাপিত কৰাৰ দাবী জনায়।

Tags: Featured
Share4Tweet3Send

Related Posts

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

by ASSAM TIMES POST
June 26, 2026
50
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

by ASSAM TIMES POST
June 25, 2026
50
Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি
KARBI ANGLONG

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

by ASSAM TIMES POST
June 25, 2026
50
Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ
KARBI ANGLONG

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

by News Desk
June 22, 2026
50
Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ
KARBI ANGLONG

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

by Staff Reporter
June 22, 2026
50
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন
KARBI ANGLONG

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

by Staff Reporter
June 21, 2026
50
ADVERTISEMENT
ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 
National-International

ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 

June 28, 2026
50
Purnima Devi Barman I Community Powers Hargila Conservation in Assam
Assam

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

June 28, 2026
50
Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী
National-International

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026
50
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত
National-International

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 

ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 

June 28, 2026
Purnima Devi Barman I Community Powers Hargila Conservation in Assam

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

June 28, 2026
Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx