![]()
নিউজ ডেস্কঃ
ড্ৰাগছ গোচৰত আৰিয়ান খান, আৰবাজ মার্চেন্ট আৰু মুনমুন ধামেচাৰ বিৰুদ্ধে ষড়যন্ত্রৰ কোনো প্রমাণ পোৱা যোৱা নাই। আৰিয়ানৰ জামিনৰ নির্দেশনামাত ব’ম্বে হাইকোর্টৰ পর্যবেক্ষণ, অভিযুক্তসকলৰ ওচৰত বাণিজ্যিকভাবে ব্যৱহাৰৰ ড্ৰাগছ পোৱা গৈছে, তাৰ অর্থ এইটো নহয় যে তেওঁলোকৰ অপৰাধৰ ইচ্ছাও আছিল।
লগতে কেন্দ্রীয় ড্ৰাগছ নিয়ন্ত্রণ সংস্থা (এনচিবি)ই যি জবানবন্দী জমা দিছিল, তাক লৈও আদালতে কৈছে, আৰক্ষীয়ে লোৱা জবানবন্দীৰ কোনো আইনী ভিত্তি নাই। সেয়া কেৱলমাত্র তদন্তৰ প্রয়োজনত ব্যৱহাৰ হ’ব পাৰে।
জামিনৰ নির্দেশত ব’ম্বে হাইকোর্টৰ ন্যায়াধীশে লিখিছে, আৰিয়ান খানৰ ৱাটছএপ চাটত এনে একো আপত্তিকজন পোৱা নাই, যাৰ ওপৰত ভিত্তি কৰি কোৱা যায় যে আৰবাজ আৰু মুনমুনৰ লগত মিলে আৰিয়ানে কোনো ষড়যন্ত্রৰ পৰিকল্পনা কৰিছে। আৰিয়ান খান, আৰবাজ মার্চেন্ট আৰু মুনমুন ধামেচা একেখন ক্ৰুজত আছিল। কেৱল এই যুক্তিতে তেওঁলোকৰ বিৰুদ্ধে ষড়যন্ত্রৰ অভিযোগৰ ভিত্তি নাই বুলিও ৰায়টোত লিখিছে হাইকোর্টে।













