![]()
মনোৰঞ্জনঃ
অসমীয়া চলচিত্ৰ প্ৰেমীলৈ সুখবৰ। অহা ৩ ডিচেম্বৰ তাৰিখে প্ৰেক্ষাগৃহত আন এখন অসমীয়া ছবি ‘চন্দ্ৰাৱলী’ য়ে লাভ কৰিব মুক্তি। ক’ভিড দুৰ্যোগৰ সাম কটা পিছত এতিয়া ঠন ধৰিছে মনোৰঞ্জন ক্ষেত্ৰখন। AB প্ৰযোজনা গোষ্ঠীৰ বেনাৰত নিৰ্মিত এইখন অসমীয়া ছবি “চন্দাৱলী” ৰ সকলো কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। “চন্দ্ৰাৱলী” ছবিখনৰ কাহিনী চিত্ৰনাট্য আৰু পৰিচালনা যোৰহাটৰ বলীন শৰ্মাৰ। ইতিমধ্যে ছবিখনৰ মুক্তিপ্ৰাপ্ত গীতকেইটিয়ে শ্ৰোতাৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। “চন্দ্ৰাৱলী” ত অভিনয় কৰিছে ৰাজীৱ গোস্বামী, দেৱজিৎ মজুমদাৰ ,পল ফুকন ,ৰাতুল শৰ্মা, অতনু কাশ্যপ, ৰাজ ভৈৰৱ আৰু পৱিত্ৰ বৰুৱাই।নায়িকা চৰিত্ৰত অভিনয় কৰিছে অসমৰ মোহময়ী অভিনেত্ৰী অমৃতা গগৈয়ে । ছবিখনৰ এটি বিশেষ চৰিত্ৰত মনীষা ৰাগিনীয়ে।
যোৰহাটকে ধৰি গুৱাহাটী আৰু শ্বিলঙৰ মনোমোহা ঠাইত ‘চন্দ্ৰাৱলী’ ছবিখনৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰা হৈছিল। ছবিখনত ৰূপ সজ্জা আকাশ গগৈৰ আৰু কৰিঅ’গ্ৰাফ কৰিছে উদয় শংকৰ ,শান্তুমনি শৰ্মাই। প্ৰযোজনা নিয়ন্ত্ৰক চঞ্চল জোতি বৰদলৈ আৰু শশাংক শেখৰ। সম্পাদনা অসীম শৰ্মা। আৱহ সংগীত পলাশ গগৈ। এই ছবিখনৰ সংগীত পৰিচালনা অজয় ফুকনৰ। গীত সমূহত কন্ঠদান কৰিছে জুবিন গাৰ্গ ,সুবাসনা দত্ত, গীতালি আৰু প্ৰকৃতি শৰ্মাই। চিত্ৰগ্ৰহণ কৰিছে কৃষ্ণ চাহাই লগতে মূখ্য সহকাৰী পৰিচালক পবিত্ৰ খাউন্দ আৰু মৃনাল ডেকা। সহকাৰী পৰিচালনা কল্লোল আৰু প্ৰাঞ্জু প্ৰিঞ্চৰ।













