![]()
মনোৰঞ্জনঃ
যমজ সন্তানৰ মাতৃ অভিনেত্ৰী প্ৰীতি জিন্তাৰ অনুৰাগীলৈ আন এক সুখবৰ। বিগত ৪ টা বৰ্ষৰ পিছত ছবি ক্ষেত্ৰলৈ আহিবলৈ সাজু হৈছে অভিনেত্ৰী গৰাকী। জানিব পৰা মতে, দানিশ ৰেঞ্জুৰ এখন ছবিৰ সৈতে বলীউডলৈ উভতিব অভিনেত্ৰী প্ৰীতি জিন্তা। ছবিখনৰ শিৰোনাম বৰ্তমানেও চূড়ান্ত কৰা হোৱা নাই যদিও এইখন কাশ্মীৰৰ কাহিনীৰ ওপৰত আধাৰিত। ছবিখনৰ পোষ্ট-প্ৰডাকচনৰ কাম আৰম্ভ হৈছে আৰু ইয়াত কোন অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিব, সেই সমূহৰ তথ্য যুগুতাই থকা হৈছে।
অহা ২০২২ চনত এই ছবিখনৰ শ্বুটিং আৰম্ভ হ’ব। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও প্ৰীতি জিন্তাই কাশ্মীৰৰ বিষয়ক লৈ নিৰ্মিত কেইবাখনো ছবিত অভিনয়। “বীৰ ঝাৰা” আৰু “মিশন কাশ্মীৰ” ইয়াৰ ভিতৰত উল্লেখনীয়।













