![]()
ষ্টাফ ৰিপৰ্টাৰ
নগাঁওঃ
মধ্য অসমৰ অন্যতম ঐতিহ্যমণ্ডিত উচ্চ শিক্ষা প্ৰতিষ্ঠান নগাঁও মহাবিদ্যালয়ে বিশ্ববিদ্যালয়ৰ মৰ্যদা লাভ কৰিবলৈ সক্ষম হৈছে । শীঘ্রেই নগাঁও মহাবিদ্যালয় হবগৈ নগাঁও বিশ্ববিদ্যালয় ।
ইয়াকে লৈ এতিয়া নগাঁৱৰ বিদ্যায়াতনিক সমাজত উৎসাহ -উদ্দীপনাই বিৰাজ কৰিছে ৷ নগাঁও মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰা হব বুলি ৰাজ্যৰ মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাই কালি কৰা ঘোষণাৰ পিছতে নগাঁও বাসী আনন্দিত হৈ পৰে ৷ উল্লেখ্য মধ্য অসমৰ একমাত্ৰ পুৰণি উচ্চ শিক্ষানুষ্ঠান নগাঁও মহাবিদ্যালয়ে পূৰ্বতে স্বতন্ত্ৰ মহাবিদ্যালয়ৰ স্বীকৃতি লাভ কৰিছিল ৷
ৰাজ্যৰ তিনিখন স্বতন্ত্ৰ মহাবিদ্যালয় আৰু দুখন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰিবলৈ চৰকাৰে শেহতীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ১৯৪৪ চনত নগাঁও চহৰৰ মাজমজিয়াত স্হাপন হোৱা নগাঁও মহাবিদ্যালয় ( স্বতন্ত্ৰ )ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় আন্ত:গাঠনিৰ দিশত উচ্চ শিক্ষা প্ৰতিষ্ঠানখনি বহু আগবাঢ়ি থকা বুলি জানিব পৰা গৈছে ৷
অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কালি ৰাজ্যৰ পাঁচখন মহাবিদ্যালয়ৰ মাজৰে নগাঁও মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ ঘোষণাত মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ লগতে নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড: শৰৎ বৰকটকী, অধ্যাপক-অধ্যাপিকা,
কৰ্মচাৰী , ছাত্ৰ-ছাত্ৰী,প্ৰাক্তন ছাত্ৰ সন্মিলনী আদিৰ লগতে মহাবিদ্যালয়ৰ লগত জড়িত সকলোৱে আদৰণি জনায় ৷ নগাঁও মহাবিদ্যালয়ক নগাঁও বিশ্ববিদ্যালয়লৈ উন্নীত কৰিবলৈ চৰকাৰে লোৱা সিদ্ধান্তত আদৰণি জনাই শিক্ষা প্ৰতিষ্ঠানখনৰ প্ৰাক্তন ছাত্র তথা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় : “দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পৰিল ।
আমাৰ আপোন নগাঁও মহাবিদ্যালয়(স্বতন্ত্ৰ)ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। নগাঁও মহাবিদ্যালয়ৰ এগৰাকী প্ৰাক্তন ছাত্ৰ হিচাপে মই চৰকাৰৰ এনে সিদ্ধান্তক আদৰণি জনোৱাৰ লগতে গৌৰৱ অনুভৱ কৰিছো।”
আনহাতে নগাঁও মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ বাবে বিধানসভাৰ মজিয়াত বিধায়ক শৰ্মাই আহ্বান জনোৱাৰ লগতে বিভিন্ন সময়ত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ বিষয়ে উল্লেখ কৰি বিধায়ক ৰূপক শৰ্মাই লগতে কয় যে নগাঁও মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ সিদ্ধান্তই মধ্য অসমৰ শিক্ষাৰ ক্ষেত্ৰখনক প্ৰগতিৰ পথত অধিক আগুৱাই লৈ যাব। চৰকাৰৰ এনে সিদ্ধান্তৰ বাবে বিধায়ক গৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে ।আনহাতে বিধায়ক শৰ্মাই এনে শুভ ক্ষণত নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ, শিক্ষক-শিক্ষয়ত্ৰী, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে সমগ্ৰ নগাঁও বাসীক অভিনন্দন জ্ঞাপন কৰে ।
ইপিনে নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড: শৰৎ বৰকটকীয়ে নগাঁও মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ সিদ্ধান্তক আদৰণি জনোৱাৰ লগতে এনে প্ৰচেষ্টাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা, শিক্ষা মন্ত্রী ডা: ৰণোজ পেগুৰ লগতে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে ।
বিশেষকৈ বিধায়ক ৰূপক শৰ্মাই বিধান সভাৰ মজিয়াত নগাঁও মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ কৰা বিষয়টো চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে অধ্যক্ষ ড: বৰকটকীয়ে বিধায়ক শৰ্মাৰ শলাগ লয় ।













