![]()
নিউজ ডেস্কঃ
গুৱাহাটীৰ কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত ৰাজ্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ বিধায়ক অখিল গগৈ।শিৱসাগৰৰ সামগ্ৰিক উন্নয়নৰ বিষয়ত ১ঘণ্টা আলোচনা মুখ্যমন্ত্ৰীৰ লগত।শিৱসাগৰ সমষ্টি বিভিন্ন সমস্যাৰ বিষয়ে ডঃ শৰ্মাক অৱগত কৰে শিৱসাগৰ বিধায়ক গৰাকীয়ে।বিধায়ক গগৈয়ে জিলা প্ৰশাসনে তেওঁ কামত অসহযোগ কৰা বুলিও মুখ্যমন্ত্ৰীক অভিযোগ দিয়ে।
শিৱসাগৰ জিলাৰ অসামৰিক হাস্পতালক চিকিৎসা মহাবিদ্যালয়লৈ উন্নীতকৰণ কৰা, পুৰতাত্বিক সমল সংৰক্ষণ, বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণাৰ প্ৰথম প্ৰক্ৰিয়া অসম চৰকাৰক ৰাজ্যিক ঐতিহ্য ক্ষেত্ৰ ঘোষণাৰ দাবী জনাই মুখ্যমন্ত্ৰীক।ইফালে মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য কেন্দ্ৰিক দিশ সমূহ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সৈতে আলোচনাৰ নিৰ্দেশ দিয়ে বিধায়ক গগৈয়ে।ইয়াৰ উপৰিও জিলাখনৰ কৰ্কটৰোগী চিকিৎসা সাহায্য বিষয়তো আলোচনা কৰে।মুখ্যমন্ত্ৰীয়ে কৰ্কট ৰোগীসকলক শীঘ্ৰে সাহায্য প্ৰদানৰ নিৰ্দেশ দিয়ে।
আনহাতে শিৱসাগৰ নগৰৰ ষ্টিট লাইট সংযোগৰ কৰ্মসূচী বিধায়ক গৰাকীক আৰম্ভ কৰা নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে।
গুৰুত্বপূৰ্ণ কথা বিধায়ক হিচাপে আজি প্ৰথমবাৰলৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে গগৈয়ে।













