![]()
নিউজ ডেস্কঃ
বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা’ৰ বিৰূদ্ধে পুনৰ আন্দোলন বিচাৰিলে শিৱসাগৰ বিধায়ক অখিল গগৈয়ে।কা’ আইন কাৰ্যকৰী হলে ১ কোটি ৯০ লাখ হিন্দু বাংলাদেশী অসমলৈ অহাৰ পথ মুকলি হব।কইনাধৰাত ৰাজ্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি এই তাপৰ্যপূৰ্ণ মন্তব্য গগৈ।
‘মই জেলত থকা অৱস্থাত জাতীয় সংগঠনৰ নেতাই কা’ আন্দোলনক দূৰ্বল কৰিলে।জাতীয় নেতৃত্বই আপোচ কৰিলে তাত কোনো সন্দেহ নাই’- বিধায়ক গগৈয়ে কয়।
কৃষকে আন্দোলন কৰি ৩খনকৈ কৃষি আইন সংসদৰ পৰা বাতিল কৰাবলৈ পৰিছে।গতিকে নিশ্চিত ভাৱে প্ৰতিজন অসমীয়াই বিচাৰো অসমত কা’ আন্দোলন আৰম্ভ হব লাগে।আপোচবিহীন ভাৱ ঐক্যবদ্ধ ভাৱে আন্দোলন হব লাগে- গগৈয়ে কয়।
আন্দোলনৰ বন্ধ হোৱা মূল কাৰণ দুটা, জনতাৰ ক্ষোভ দেখি জাতীয় সংগঠনে নেতৃত্ব লবলৈ ভয় কৰিলে ।ইয়াৰ উপৰিও চৰকাৰী দাদাগিৰি আৰু সন্ত্ৰাসত ভয় খাই আন্দোলন পথ সলনি কৰিলে।
অসমৰ সকলো জাতীয় সংগঠন একেলগ হলেহে কা আন্দোলনত জয়ী হব পাৰিম।সকলোৱে নেতৃত্ব লব লাগিব বুলি উল্লেখ কৰি তেওঁ কয়- আন্দোলন হব নাই নাজানোঁ কিন্তু হোৱা উচিত।সুযোগ পালেই আন্দোলন আৰম্ভ কৰিবলৈ মই সদায় প্ৰস্তুত বুলিও কয়।













