![]()
নিউজ ডেস্কঃ
ৰোহিত শৰ্মাৰ নেতৃত্বত দেওবাৰে ইডেন গাৰ্ডেনত ভাৰতে ৰচনা কৰে টি-২০ ক্ৰিকেটৰ এক নতুন ইতিহাস৷ নিউজীলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা আৰু বাহিৰত এখনো মেচত পৰাজিত নোহোৱাকৈ টি-২০ শৃংখলা জয়ৰ ইতিহাস ৰচে ভাৰতে। বৰ্তমান বিশ্ব ক্ৰিকেটত এই প্ৰদৰ্শন আন কোনো দেশৰ নাই।
উল্লেখ্য, ২০২০ চনত বিৰাট কোহলীৰ নেতৃত্বত নিউজীলেণ্ড ভ্ৰমণলৈ যোৱা ভাৰতে পাঁচ মেচৰ টি-২০ শৃংখলা ৩-০ত জয়ী হয়। দুখন মেচ টাই হয়। ইয়াৰ পিছত এইবাৰ নিজৰ দেশত ভাৰতে নিউজীলেণ্ডক তিনি মেচৰ টি-২০ শৃংখলাত ৩-০ ফলাফলত পৰাস্ত কৰে।
২০২০ চনৰ নিউজীলেণ্ড ভ্ৰমণৰ শৃংখলাত ভাৰতে অকলেণ্ডত প্রথম মেচ ৬ উইকেটত, দ্বিতীয় মেচ ৭ উইকেটত জয়ী হয়। হেমিল্টন আৰু বেলিংটনৰ তৃতীয় আৰু চতুর্থ মেচ টাই হয়। পঞ্চম মেচত ৰোহিত শর্মাৰ নেতৃত্বত ভাৰ তজয়ী হয় ৭ ৰানত।
এইবাৰ ৰোহিত শৰ্মাৰ নেতৃত্বত জয়পুৰত প্রথম মেচ ৫ উইকেটত, ৰাঁচীত ৭ উইকেটত আৰু কলকাতাত ভাৰত ৭৩ ৰানত জয়ী হয়।













