![]()
নিউজ ডেস্কঃ
ছয় মাহ পূৰ্বে জম্মুৰ সেনা ছাউনিত বিস্ফোৰকভৰ্তি ড্রোনেৰে আক্ৰমণ চলোৱাৰ পিছত এইবাৰ পাঠানকোটৰ সেনা ছাউনিৰ কাষত সংঘটিত হ’ল গ্রেনেড বিস্ফোৰণ। উক্ত ঘটনাৰ পিছত সমগ্ৰ পাঠানকোটত কঠোৰ সতর্কতা জাৰি কৰা হৈছে।
আৰক্ষী সূত্র মতে, সোমবাৰে পুৱতিনিশা সেনা ছাউনিৰ ত্রিবেণী গে’টৰ সন্মুখত এটি গ্রেনেড বিস্ফোৰণ হয়। কোনে গ্রেনেড দলিয়ালে বা বৃহৎ কূটাঘাতৰ কোনো ষড়যন্ত্ৰ আছিল নেকি সেয়া সেয়া তদন্ত কৰা হৈছে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা গ্রেনেডৰ টুকুৰা উদ্ধাৰ কৰে। সকলো থানাকে সতর্ক কৰি দিয়া হৈছে।
উল্লেখ্য, বিগত জুন মাহত জম্মুৰ বায়ুসেনা ঘাটিত একেলেথাৰিয়ে দুটা বিস্ফোৰণ ঘটে। ড্রোনেৰে আক্ৰমণ চলোৱা হৈছিল সেনাঘাটিত। উক্ত ঘটনাত দুজন লোক আহত হৈছিল।













