![]()
নিউজ ডেস্কঃ
বায়ু প্ৰদূষণৰ কাৰণে এতিয়াই নোখোলে দিল্লীৰ কোনো স্কুল। এসপ্তাহ ধৰি দিল্লী আৰু কেন্দ্রীয় চৰকাৰে প্ৰদূষণ নিয়ন্ত্রণৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিলেও আজি জানিব পৰা মতে, চহৰখনত বায়ু প্ৰদূষণৰ মাত্রা তেনে ধৰণে কমা নাই। ফলত সম্প্ৰতি অনির্দিষ্টকালৰ বাবে দেশৰ ৰাজধানী অঞ্চল (এনচিআৰ)ৰ সকলো স্কুল বন্ধ ৰখাৰ নির্দেশ দিছে কেন্দ্রীয় পৰেবেশ মন্ত্ৰালয়ে।

‘ছিষ্টেম অব এয়াৰ কোৱালিটি এণ্ড ৱেদাৰ ফ’ৰকাষ্টিং এণ্ড ৰিসার্চ’ৰ তথ্য মতে, দেওবাৰে পুৱা ৯টাৰ সময়ত দিল্লীৰ বায়ুৰ প্ৰদূষণ সূচক আছিল ৩৪৭। দুদিন পূৰ্বে এই প্ৰদূষণ সূচক আছিল ৩৩২। প্ৰদূষণৰ মাত্রা পুনৰ বৃদ্ধি হোৱাত চিন্তাত পৰিছে পৰিবেশবিদসকলো। লগতে চিন্তাত পৰিছে কেন্দ্রীয় আৰু দিল্লী চৰকাৰো।













