![]()
নিউজ ডেস্কঃ
উর্বশী ৰেড্ডী গুজৰাটৰ এগৰাকী জনপ্রিয় লোকসংগীতৰ গায়িকা। এক অনুষ্ঠানত তেওঁ সংগীত পৰিবেশন কৰি হাজাৰ হাজাৰ লোকক মুগ্ধ কৰে৷ তাৰ মাজতে এগৰাকী অনুৰাগীয়ে হঠাৎ কৰি পেলায় এক আচৰিত কাণ্ড৷ গানত মুগ্ধ হৈ তেওঁ মঞ্চলৈ উঠি আহি গায়িকাগৰাকীক বাল্টিভৰ্তি টকাৰে গা ধুৱাই দিয়ে।
ঘটনাটি ১৫ নৱেম্বৰৰ৷ উক্ত দিনা হিন্দুসকলৰ এক উৎসৱত তুলসী আৰু ভগৱান বিষ্ণুৰ বিয়াৰ নিয়মকলৈ এটি গীত পৰিবেশ নকৰিছিল উৰ্বশী ৰেড্ডীয়ে৷ উক্ত গানটোত তেওঁৰ এগৰাকী অনুৰাগী ইমানেই আপ্লুত হৈ পৰে যে তেওঁ মঞ্চলৈ উঠি আহি বাল্টিভৰ্তি টকা শিল্পীগৰাকীৰ মূৰত ঢালি দিয়ে। উক্ত ভিডিওটো ছচিয়েল মিডিয়াত প্রকাশ হোৱাৰ লগে লগে ভাইৰেল হৈ পৰে। এই কাণ্ডত মুহূৰ্তৰ বাবে গায়িকাগৰাকী অবাক হৈ পৰে যদিও তেওঁ কিন্তু তেওঁৰ গান তাল কাটিব নিদিয়াকৈ গান গাই যায়।
আনহাতে, উপস্থিত অন্য দৰ্শকসকলেও গায়িকাগৰাকীলৈ টকা দলিয়াই থকা দেখা যায়৷ ছচিয়েল মিডিয়াত এই ভিডিওটো ভাইৰেল হোৱাৰ পিছতেই গায়িকাগৰাকীক সোধা হয় যে ইমান টকাৰে কি কৰিব? প্রশ্নৰ উত্তৰত তেওঁ জনায় যে অনুষ্ঠান শেষ হোৱাৰ পিছত এই টকা তেওঁ কোনো দুখীয়া ঘৰৰ ছোৱালীৰ বিয়াত দান কৰিব। উর্বশীৰ এই ধৰণৰ মানৱীয় চিন্তাৰ বাবেও সকলোৱে প্রশংসা কৰিছে।













