![]()
মনোৰঞ্জনঃ
৭০ দশকৰ এগৰাকী জনপ্ৰিয় অভিনেতা বিজু ফুকনৰ স্মৃতিদিৱসত শ্ৰদ্ধা নিবেদিছোঁ। অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত তেখেতৰ অৱদান চিৰস্মৰণীয়। বিজু ফুকনৰ অভিনয়ে অসমীয়া ছবিক্ষেত্ৰখনত অনন্য মাত্ৰা প্ৰদান কৰিছে বুলি ক’লেও অতিৰঞ্জিত নহ’ব। “ডাঃ বেজবৰুৱা” ছবিখনত এটি সৰু চৰিত্ৰৰে নিজ অভিনয় কেৰিয়াৰৰ আৰম্ভণি কৰা অভিনেতা গৰাকী চিৰসেউজ। তেওঁ নিজ ৪০ বছৰ বয়সত প্ৰায় ৮০ খনকৈ ছবিত অভিনয় কৰিছিল। বাণিজ্যিক ছবি তথা সমান্তৰাল ছবিৰ পৰাও আঁতৰি থকা নাছিল অভিনেতা গৰাকী।
জাহ্নু বৰুৱা তথা ভবেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা পৰিচালিত কেইবাখনো ছবিত দেখিবলৈ পোৱা গৈছিল বিজু ফুকনক। ইয়াৰ লগতে, বাংলা ভাষাৰ ৪ খনকৈ ছবিত অভিনয় কৰিছিল এই চিৰসেউজ অভিনেতা গৰাকীয়ে। সৰু-ডাঙৰ প্ৰত্যেকটো চৰিত্ৰতেই নিজক খাপ খুৱাই ৰাখিছিল অভিনেতা গৰাকীয়ে। ১৯৯৯ চনত লোকসভা নিৰ্বাচনত ডিব্ৰুগড়ৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল, কিন্তু তেওঁ বিফল হৈছিল। বিগত ২০১৭ চনত অভিনেতা গৰাকীয়ে ইহলীলা সম্বৰণ কৰে।













