![]()
মনোৰঞ্জনঃ
বলীউড ক্ষেত্ৰ খনত একেটা তাৰিখতে দুখনকৈ বহু প্ৰত্যাশিত ছবিয়ে লাভ কৰিব মুক্তি। এখন হৈছে লাল সিং চড্ডা আৰু আনখন হৈছে কেজিএফ পাৰ্ট ২। উক্ত দুয়োখন ছবিৰ বাবেই অপেক্ষাৰত সাধাৰণজন। অহা ২০২২ চনৰ ১৪ এপ্ৰিল তাৰিখে দুইখন ছবিয়ে চিত্ৰগৃহত মুক্তি লাভ কৰিবলৈ সাজু হৈ উঠিছে। বলীউডৰ “লাল সিং চড্ডা” ছবিখন হলীউডৰ Forest Gump নামে ছবিখনৰ অফিচিয়েল ৰিমেক বুলি জানিব পৰা গৈছে। আমিৰ খানৰ লগতে এই ছবিখনত অভিনেত্ৰী কৰীণা কাপুৰক দেখিবলৈ পোৱা যাব।
KGF ক লৈ প্ৰায় প্ৰত্যেকগৰাকী জনসাধাৰণ অপেক্ষাৰত। আনহাতে, বিগত মাহত এই ছবিখনৰ মুক্তিপ্ৰাপ্ত টিজাৰটোৱে ইতিহাস ৰচনা কৰিছিল। ছবিখনৰ নিৰ্দেশক প্ৰশান্ত নীলে জনায় যে, ছবিখনৰ মুক্তিপ্ৰাপ্ত টিজাৰটোৱে ২০০ মিলিয়ন অৰ্থাৎ ২০ কোটিতকৈও অধিক ভিউচ লাভ কৰাৰ পৰিৱৰ্তে ৮.৪ মিলিয়ন লাইকচ ছবিখনৰ টিজাৰটোৱে প্ৰথম কেইটামান দিনতেই গোটাইছিল।













