![]()
নিউজ ডেস্কঃ
বিগত ২৪ ঘণ্টাত দেশত কৰোনাত আক্রান্ত হৈছে ৭ হাজাৰ ৫৭৯ জন। ২০২০ চনৰ ৩০ মে’ পিছত এই প্রথম ইমান কম হ’ল দৈনিক সংক্রমণ। কেৰালাত পৰিস্থিতি নিয়ন্ত্রণলৈ অহাৰ পিছতেই কমিছে সংক্রমণ। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি, দেশত মুঠ আক্রান্তৰ সংখ্যা ৩ কোটি ৪৫ লক্ষ ২৬ হাজাৰ ৪৮০।
আনহাতে, বিগত ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ২৩৬ জন। ইয়াৰ ভিতৰত কেৰালাতেই মৃত্যু হৈছে ১৮০ জনৰ। বাকী ৰাজ্যবোৰত সেয়া নিয়ন্ত্রণত আছে।
ইফালে বিগত ২৪ ঘণ্টাত সক্ৰিয় ৰোগী কমিছে ৪ হাজাৰ ৮৫৯। দেশত বৰ্তমান সক্রিয় ৰোগী আছে ১ লক্ষ ১৩ হাজাৰ ৫৮৪ জন।
কেৰালাত বিগত ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যা হৈছে ৩ হাজাৰ ৬৯৮। মহাৰাষ্ট্র, তামিলনাডু, পশ্চিমবঙ্গত ৫০০ৰ বেছি। বাকী ৰাজ্যবোৰত সেয়া ৫০০ৰ কম।













