![]()
নিউজ ডেস্কঃ
‘মানুহতকৈ কাগজ বহু সহনশীল’— আনা ফ্রাঙ্কৰ দিনলিপিৰ পৰা এই কথা উদ্ধৃত কৰি প্রকাশ হ’ল আদিবা ৰিয়াজৰ প্রথম গ্ৰন্থ। লগে লগে এঘাৰ বছৰীয়া সপ্তম শ্রেণীৰ ছাত্রী আদিবা হৈ পৰিল জম্মু-কাশ্মীৰৰ সর্বকনিষ্ঠ লেখিকা।
২০১৯ চনত অনন্তনাগ জিলা প্রশাসনৰ দ্বাৰা আয়োজিত এক সৃজনশীল লেখাৰ প্রতিযোগিতাত পুৰস্কাৰ লাভ কৰিছিল আদিবাই। তাৰ পিছৰ পৰাই সপোন দেখাৰ আৰম্ভণি। ইয়াৰ ভিতৰতে ৩৭০ ধাৰা বিলোপৰ পিছত কাশ্মীৰত জাৰি হয় কাৰ্ফিউ। কৰোনাৰ বাবে লকডাউন। সেই সময়ছোৱাতে আদিবাই কলম ধৰিবলৈ আৰম্ভ কৰে। কিতাপখনৰ পাতনিত লিখিছে, ‘সকলোৱে লেখক হ’ব পাৰে, কাৰণ কাগজত ৰক্ত নিগৰোৱাটো সহজ’।
কিতাপখনৰ নাম হৈছে ‘জিল অব পেন’ অৰ্থাৎ কলমৰ উদ্দীপনা। ৯৬ পৃষ্ঠাৰ ৩৫টা অধ্যায়ত সজোৱা হৈছে আদিবাৰ টুকুৰা-টুকুৰ মনৰ কথা, ৯টা কবিতা আৰু ১১টা অনুচ্ছেদ। প্রচ্ছদ বগা-ক’লা; যেন দিন-ৰাতিৰ দৰে দুভাগ। কিতাপখন উপলব্ধ হৈছে অনলাইনত। বজাৰতো উপলব্ধ।
আদিবাৰ ইচ্ছা, লেখা-মেলা নিয়মিতভাৱে আগবঢ়াই নিয়াৰ। এনে লেখা লিখিব বিচাৰে, যাৰ জৰিয়তে সকলোৱে নিজক বিচাৰি পাব পাৰে।













