![]()
নিউজ ডেস্কঃ
৮৩ বছৰত ভৰি দিলে সমাজবাদী পার্টিৰ প্রতিষ্ঠাতা তথা উত্তৰ প্রদেশৰ প্রাক্তন মুখ্যমন্ত্রী মুলায়ম সিং যাদৱে। সেই উপলক্ষে সোমবাৰে লক্ষ্ণৌৰ বিক্রমাদিত্য মার্গত দলৰ সদৰ কাৰ্যালয়ৰ সন্মুখত পুত্ৰ অখিলেশ সিং যাদৱক লগত লৈ সমর্থকসকলৰ উপস্থিতিত ৮৩ কেজিৰ এটি কেক আৰু ৮৩ কেজিৰ এটি লাডু কাটি জন্মদিন পালন কৰে মুলায়ম সিং যাদৱে। তাৰ পিছত উপস্থিত সমর্থকসকলক উদ্দেশ্যি প্রবীণ এছপি নেতাজ নেকয়, ‘‘পৰিবর্তনৰ ৰাজনীতি দেখিছো দেশত। উৎসাহেৰে ভৰপূৰ যুৱ সমাজেই পাৰে তাক সফল কৰিবলৈ।’’
আনহাতে, প্রবীণ সমাজবাদী নেতাগৰাকীক জন্মদিনৰ শুভেচ্ছা জনাইছে প্রধানমন্ত্রী নৰেন্দ্র মোদী, উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ, প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিংসহ বিভিন্ন নেতাসকলে।













