![]()
নিউজ ডেস্কঃ
নিত্যপ্রয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগত এইবাৰ যোগ হ’ল মোবাইলৰ খৰচ। সোমবাৰে এয়াৰটেলে জনোৱা মতে, ‘ভইচ কল’ (ন্যূনতম মাচুলসহ), ‘ভইচ কল’ৰ সৈতে ডেটাৰ ব্যৱহাৰ আৰু কেৱল ডেটাৰ ব্যৱহাৰ—
এই তিনি পৰিসেৱাৰ বিভিন্ন প্রিপেইড মাচুল শুক্রবাৰৰ পৰা বৃদ্ধি হৈছে। অৱশ্যে ভোডাফোন-আইডিয়া আৰু ৰিলায়েন্স জিঅ’ই এই মাচুল বৃদ্ধি কৰিবনে নাই সেই কথা জানিব পৰা হোৱা নাই। এয়াৰটেলৰ ভইচ কলৰ ন্যূনতম মাচুল (২৮ দিনৰ) ৭৯ টকাৰ পৰা বৃদ্ধি হৈ হৈছে ৯৯ টকা, অর্থাৎ বৃদ্ধি প্রায় ২৫%। অন্যান্য মাচুলৰ হাৰ বৃদ্ধি হৈছে ২০-২১%।













