![]()
নিউজ ডেস্কঃ
মৃত্যুৰ এবছৰ পিছতো বিতর্কই লগ এৰা নাই ডিয়েগো মাৰাডোনাৰ। অহা বৃহস্পতিবাৰে আৰ্জেণ্টিনাৰ বিশ্বকাপজয়ী অধিনায়কজনৰ প্রথম মৃত্যুবার্ষিকী। তাৰ কেইদিনমান পূৰ্বে কিউবাৰ এগৰাকী যুৱতীয়ে তেওঁৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ আনিছে। মেভিছ আলভাৰেজ নামৰ ৩৭ বছৰীয়া যুৱতীগৰাকীৰ অভিযোগ, ২১ বছৰ পূৰ্বে হাভানাত তেওঁক ধর্ষণ কৰিছিল মাৰাডোনাই। ১৬ বছৰ বয়সতে ধর্ষিতা হোৱাত তেওঁৰ কিশোৰীকাল নষ্ট হৈ গৈছিল বুলিও অভিযোগ কৰিছে তেওঁ।
যোৱা সপ্তাহত আর্জেন্টিনাৰ ন্যায় বিচাৰ মন্ত্ৰালয়ৰ ওচৰত জবানবন্দী দিয়ে তেওঁ। তাৰ পূৰ্বে বুয়েনছ আয়াৰ্ছ সাংবাদ মাধ্যমৰ আগত তেওঁ জনায়, মাৰাডোনাৰ বয়স তেতিয়া ৪০ বছৰ। ড্ৰাগছৰ নিচা আঁতৰাবৰ বাবে হাভানাত এখন ক্লিনিকত আছিল তেওঁ। তাতেই আলভাৰেজক ধর্ষণ কৰে তেওঁ। আলভাৰেজে প্ৰকাশ কৰা মতে, ‘‘মোৰ মুখ বান্ধি ধর্ষণ কৰে মাৰাডোনাই। ওচৰৰ কোঠাত মোৰ মা আছিল। মোৰ যৌৱনৰ আৰম্ভণিছোৱাই নষ্ট কৰি দিছিল তেওঁ। সেই সময়ৰ কথা ভাবিলে আজিও মই আতংকিত হৈ উঠো।’’
আলভাৰেজে লগতে জনায় যে উক্ত ঘটনাৰ পিছত কেইবছৰমান তেওঁৰ সৈতে সম্পর্ক ৰাখিছিল মাৰাডোনাই। তেওঁৰ পৰিয়ালৰ সেই সম্পর্কত আপত্তি থাকিলেও তেওঁলোকে মুখ খুলি একো ক’ব পৰা নাছিল। কাৰণ কিউবা চৰকাৰৰ সৈতে ভাল সম্পর্ক আছিল ফুটবল তাৰকাজনৰ। এই বিষয়ত অৱশ্যে এতিয়াও একো মন্তব্য কৰা নাই কিউবা চৰকাৰে।
কিন্তু প্রশ্ন উঠিছে, মাৰাডোনাৰ মৃত্যুৰ পিছত কিয় ধর্ষণৰ অভিযোগ কৰিলে আলভাৰেজে। তাৰ উত্তৰত তেওঁ কয়, ‘‘যিসকল মহিলা এনে ধৰণৰ ঘটনাৰ চিকাৰ হৈছে তেওঁলোকক সহায় বাবে মুখ খুলিছো। মই যিমানখিনি পাৰো তেওঁলোকক সহায় কৰিম।’’ অৱশ্যে এই বিষয়ত মাৰাডোনাৰ অধিবক্তা বা তেওঁৰ পৰিয়ালৰ তৰফৰ পৰা কোনো মন্তব্য কৰা নাই।













