![]()
নিউজ ডেস্কঃ
নিজক আনতকৈ পৃথক দেখুৱাবলৈ বহুতে বিবিন্ন ধৰণৰ পন্থা হাত তলয়। কিন্তু নিজকে ‘ব্লেক এলিয়েন’ৰ দৰে দেখুৱাবৰ বাবে এগৰাকী ব্যক্তিয়ে যি কৰিলে সেয়া উনিলে গাৰ নোম শিয়ৰি উঠিব।
এণ্টনি লোফ্রেডো নামৰ ফ্রান্সৰ নাগৰিকজনে নিজকে ভিন্ন গ্রহৰ প্ৰাণীৰ দৰে সজাবলৈ নাক, ওপৰৰ ওঁঠ, জিভাত অস্ত্রোপচাৰ কৰায়। সমগ্ৰ শৰীৰ আৰু চকুৰ মণিতো টেটু কৰায় লোফ্রেডোই। কিন্তু ইমান কৰিও যেন তেওঁৰ একোতে মন নভৰে। নিজকে হুবহু এলিয়েনৰ দৰে সজাবলৈ তাতোকৈ ডাঙৰ পদক্ষেপ গ্ৰহণ কৰে তেওঁ।
দ্য ছানৰ প্রতিবেদন অনুযায়ী, দেহৰ উপৰিভাগত অস্ত্রোপচাৰ কৰাই পৰিবর্তন কৰাইছে ঠিকেই, কিন্তু এইবাৰ ভিন্নগ্রহৰ প্রাণীৰ দৰে হাত সৃষ্টিৰ সিদ্ধান্ত লয় লোফ্রেডোই। ইয়াৰ বাবে তেওঁ দুয়ো হাতৰ দুটাকৈ আঙুলি কাটি পেলোৱাৰ সিদ্ধান্ত লয়। কথামতেই কাম, কাটি পেলালে এখন হাতৰ দুটা আঙুলি।
ব্লেক এলিয়েন প্রজেক্ট নামৰ এটি ইনষ্টাগ্রাম একাউণ্টো আছে লোফ্রেডোৰ। তাত তেওঁৰ অস্ত্রোপাচাৰ কৰা হাতৰ ছবিও দিছে। লগতে কেপচনত লিখিছে, ‘এইবাৰ অন্তৰাত্মাৰ শান্তি হ’ল।’ ইয়াৰ পূৰ্বে অস্ত্রোপচাৰ কৰাই দুখন কাণো কাটি পেলাইছে তেওঁ। জিভা কাটিছে মাজভাগত।
যোৱা বছৰ অস্ত্রোপচাৰ কৰি নাকৰো পৰিবর্তন কৰাইছে তেওঁ। ২০১৭ চনত এক ফৰাচী পত্রিকাত লোফ্রেডোই কৈছিল, “শৈশৱৰ পৰাই নিজৰ শৰীৰৰ আকৃতিৰ পৰিবর্তনক লৈ আগ্রহী আছিলো।” সেই আগ্রহতেই পৰবর্তীকালত যেন নিচাত পৰিণত হয়। সেয়ে এটাৰ পিছত আন এক অস্ত্রোপচাৰ কৰাই শৰীৰৰ পৰিবর্তন কৰাবলৈও কুণ্ঠাবোধ নকৰে লোফ্রেডোই।











