![]()
মনোৰঞ্জনঃ
শেহতীয়াকৈ কণ্ঠশিল্পী দীক্ষু শৰ্মাৰ কণ্ঠৰে মুক্তিপ্ৰাপ্ত গীত “বাহুম্বা” য়ে খলকনি লগাইছে সংগীত ক্ষেত্ৰখনত। জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীৰ প্ৰতিটো গীত সুকীয়া বুলি আমি প্ৰায়ে কৈ আহিছোঁ আৰু তেওঁ সেয়া স্পষ্ট প্ৰমাণ কৰিও আহিছে। সদ্যমুক্তিপ্ৰাপ্ত গীতটিতো তেওঁক আকৌ এবাৰ নতুন ৰূপত দেখিবলৈ পোৱা গ’ল। এটি কাহিনী আৰু কমেডীৰ মাজেৰে গীতটি ভিডিঅ’ আকাৰে মুকলি কৰি দিয়া হৈছিল আৰু ইয়াৰ পিছতেই ই ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। অনুৰাগীক আকৰ্ষণ কৰিব পৰাকৈ প্ৰায় প্ৰতিটো বস্তুৱে হৃদয়ংগম কৰি উপস্থাপন কৰি আহিছে কণ্ঠশিল্পী দীক্ষু শৰ্মাই।
গীতটিত দীক্ষু শৰ্মাৰ সৈতে ধাৰাবাহিক ‘বেহাৰবাৰী আউটপোষ্ট’ ৰ কেইবাগৰাকীও অভিনেতা অভিনেত্ৰীক দেখিবলৈ পোৱা গ’ল, যিয়ে গীতটিক আৰু অধিক উপভোগ্য কৰি তুলিছে। সিদ্ধাৰ্থ শৰ্মা, দীপজ্যোতি কেওট আৰু চুমকি কছাৰীয়ে নিজ অভিনয়েৰে আকৌ এবাৰ মোহাচ্ছন্ন কৰিছে দৰ্শকক। তেওঁলোকৰ সৈতে অভিনয় কৰিছে ক্ৰমে কুইন শিৱম, আনন্দ বৰুৱা, সুলাভী বৰা আৰু থানেশ্বৰ শইকীয়াই। গীতটিৰ ভিডিঅ’ পৰিচালনা কৰিছে সুব্ৰত কাকতিয়ে। এই পৰিচালক গৰাকীৰ পৰিচালনাৰে নিৰ্মিত এখন ৱেব চিৰিজ ‘বিদুৰভাই’ খনে ইতিমধ্যে জনসমাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে।













