![]()
মনোৰঞ্জনঃ
বলীউড ছবি ‘কবীৰ সিং” ৰ বহুল সফলতাৰ পিছত শ্বাহিদ কাপুৰৰ অনুৰাগীৰ শাৰী আৰু অধিক দীঘলীয়া হৈ পৰিছে। তেখেতৰ আহিবলগীয়া ছবিসমূহৰ ডিমাণ্ডো বৃদ্ধি পাইছিল দৰ্শকৰ মাজত। গতিকে, শ্বাহিদ কাপুৰৰ অনুৰাগীৰ বাবে সুখবৰ। বিগত ২ বছৰৰ অন্তত ‘জাৰ্চী’ শীৰ্ষক ছবিখনৰ সৈতে দৰ্শকৰ কাষ চাপিবলৈ সাজু হৈছে অভিনেতা গৰাকী।
ইতিমধ্যে ছবিখনৰ ট্ৰেইলাৰেও লাভ কৰিছে মুক্তি। এই ছবিখনত আকৌ এবাৰ পিতা-পুত্ৰৰ যুটিটোক দেখিবলৈ পোৱা যাব। অৰ্থাৎ ‘জাৰ্চী’ ত শ্বাহিদ কাপুৰৰ সৈতে অভিনয় কৰিছে পিতৃ পংকজ কাপুৰেও। আনহাতে, অভিনেত্ৰী মৃণাল ঠাকুৰে শ্বাহিদৰ বিপৰীতে ছবিখনত এটি চৰিত্ৰ ৰূপায়ণ কৰিছে।
গৌতম টিন্নানুৰীৰ দ্বাৰা পৰিচালিত তেলেগু ভাষাৰ এই ছবিখন এইবাৰ হিন্দী সংস্কৰণত নিৰ্মাণ কৰা হৈছে।













