![]()
নিউজ ডেস্কঃ
ভাৰতৰ প্রাক্তন ক্রিকেটাৰ তথা দিল্লীৰ বিজেপি সাংসদ গৌতম গম্ভীৰক হত্যাৰ ভাবুকি দিছে ইছলামিক ষ্টেট (আইএছ) সন্ত্ৰাসবাদী সংগঠনৰ কাশ্মীৰ শাখাই। এই বিষয়ত থানাত অভিযোগ জনাইছে গম্ভীৰে।
হত্যাৰ ভাবুকি পোৱাৰ পিছতেই গম্ভীৰৰ ঘৰৰ সন্মুখত নিৰাপত্তা বঢ়োৱা হৈছে বুলি জনাইছে দিল্লী আৰক্ষীৰ ডেপুটি কমিছনাৰ (চেণ্ট্ৰেল) শ্বেতা চৌহানে। গম্ভীৰৰ দাবী, তেওঁক ই-মেইলৰ জৰিয়তে ভাবুকি বার্তা পঠোৱা হৈছে। অভিযোগ পোৱাৰ পিছতেই বিষয়টি সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।













