![]()
নিউজ ডেস্কঃ
গুজৰাটত এজন গুটখা ব্যৱসায়ীৰ ঘৰত অভিযান চলাই হিচাব বহির্ভূত ১০০ কোটি টকাৰ সম্পত্তি উদ্ধাৰ আয়কৰ বিভাগৰ। বিগত ১৬ নৱেম্বৰত আহমেদাবাদত ১৫টা স্থানত তালাচী চলায় আয়কৰ বিভাগে। তেতিয়াই তেওঁলোকৰ হাতলৈ এই বিপুল পৰিমাণৰ টকা আহে। অৱশ্যে ব্যৱসায়ীজনৰ পৰিচয় প্ৰকাশ কৰা নাই তদন্তকাৰী বিষয়াসকলে।
আয়কৰ বিভাগৰ সূত্র মতে, তালাচী অভিযান চলোৱাৰ সময়ত নগদ চাৰে সাত কোটি টকা আৰু চাৰি কোটি টকাৰ গহনা উদ্ধাৰ কৰা হৈছে। ইয়াৰ উফৰি বহু গুৰুত্বপূর্ণ নথি, লেনদেন সংক্রান্তীয় বহু তথ্য তদন্তকাৰীসকলৰ হাতলৈ আহিছে। সকলো মিলাই ১০০ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত হৈছে বুলি দাবী আয়কৰ বিভাগৰ।
ইতিমধ্যে ব্যৱসায়ীজনৰ সকলো লেনদেন বন্ধ কৰি দিছে আয়কৰ বিভাগে। বেঙ্ক লকাৰ ছীল কৰি দিয়া বুলিও জনোৱা হৈছে।













