![]()
নিউজ ডেস্কঃ
কোভিডত মৃতকৰ পৰিয়ালক ৫০ হাজাৰ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কাম কিমান দূৰ আগবাঢ়িছে সেয়া জানিব বিচাৰিলে ছুপ্রিম কোর্টে। এই বিষয়ত ৰাজ্যবোৰৰ পৰা তথ্য সংগ্রহ কৰিবলৈ কেন্দ্রক নির্দেশ দিছে শীর্ষ আদালতে। ছুপ্রিম কোর্টৰ নির্দেশ নামানি এই বিষয়ত অনুসন্ধান কমিটি গঠনৰ বাবে গুজৰাট চৰকাৰক ভৎর্সনাও কৰিছে বিচাৰপীঠে।
উল্লেখ্য, গুজৰাটত কোভিডত মৃতকৰ সম্পর্কে অনুসন্ধান কমিটি গঠনৰ বিজ্ঞপ্তি খাৰিজ কৰাৰ আবেদন দাখিল হৈছে শীর্ষ আদালতত। সেই আবেদনৰ শুনানিতেই ন্যায়াধীশ এম আৰ শ্বাহ আৰু বি ভি নাগৰত্নৰ খণ্ড বিচাৰপীঠে কেন্দ্রৰ পৰা জানিব বিচাৰিলে কিমানজনে ক্ষতিপূৰণ লাভ কৰিছে। কেন্দ্রৰ অধিবক্তা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক ৰাজ্যবোৰৰ পৰা এই বিষয়ত তথ্য সংগ্রহ কৰিবলৈও নির্দেশ দিয়ে। পৰৱর্তী শুনানিৰ পূৰ্বে এই বিষয়ত অভিযোগ শুনাৰ বাবে এখন কমিটি গঠনৰো নির্দেশ দিছে খণ্ড বিচাৰপীঠখনে। ২৯ নৱেম্বৰত এই গোচৰৰ পুনৰ শুনানি হ’ব।













