![]()
নিউজ ডেস্কঃ
তিনি দিন ধৰি ১০ হাজাৰৰ তলতেই আছে দেশৰ দৈনিক কোভিড আক্রান্তৰ সংখ্যা। বিগত ২৪ ঘণ্টাত দেশত আক্রান্ত হৈছে ৯ হাজাৰ ২৮৩ জন। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, দেশত মুঠ আক্রান্তৰ সংখ্যা ৩ কোটি ৪৫ লক্ষ ৩৫ হাজাৰ ৭৬৩।
আক্রান্তৰ লগতে মঙ্গলবাৰৰ তুলনাত বাঢ়িছে দৈনিক মৃত্যুও। বিগত ২৪ ঘণ্টাত দেশত প্রাণ হেৰুৱাইছে ৪৩৭ জনে। ইয়াৰ ভিতৰত ৩৭০ জনেই কেৰালাৰ। মহাৰাষ্ট্রত ১৯, তামিলনাডুত ১৩ আৰু পশ্চিমবঙ্গত ১০ জনৰ মৃত্যু হৈছে বিগত ২৪ ঘণ্টাত। দেশৰ বাকী ৰাজ্যবোৰত সেয়া আছে পাঁচৰ কম। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, এতিয়ালৈকে দেশত কৰোনাত মুঠ মৃত্যু হৈছে ৪ লক্ষ ৬৬ হাজাৰ ৫৮৪ জনৰ।
আনহাতে, বিগত ২৪ ঘণ্টাত দেশত সক্রিয় ৰোগী কমিছে ২ হাজাৰ ১০৩। দেশত বৰ্তমান সক্রিয় ৰোগী আছে ১ লক্ষ ১১ হাজাৰ ৪৮১ জন।













