![]()
নিউজ ডেস্কঃ
বিয়াৰ দিনাই পৰীক্ষাৰ তাৰিখ পৰিল গুজৰাটৰ শিবাঙ্গী বাগথাৰিয়াৰ। তাতে কি হ’ল। বিয়াৰ আগতেই উপস্থিত হ’ল পৰীক্ষা কেন্দ্রত। ন-কইনাৰ সাজত পৰীক্ষা দি তাৰ পিছত বহিল বিয়াৰ মণ্ডপত !
শিবাঙ্গীৰ ন-কইনাৰ সাজত পৰীক্ষা দিয়াৰ ভিডিও এতিয়া ভাইৰেল ছচিয়েল মিডিয়াত। সৌৰাষ্ট্র বিশ্ববিদ্যালয়ৰ ছাত্রী তেওঁ। নিজৰ হ’বলগীয়া স্বামীক লগত লৈয়েই পৰীক্ষা কেন্দ্রত উপস্তিত হ’ল তেওঁ। পৰীক্ষাৰ শেষত শিবাঙ্গীয়ে এক সংবাদ মাধ্যমক জনায়, ‘মোৰ বিয়াৰ দিন-ক্ষণ ঠিক কৰাৰ সময়ত পৰীক্ষাৰ সময়সূচী ঘোষণা ঘোষণা হোৱা নাছিল। কিন্তু ভাগ্যৰ বিড়ম্বনা যে বিয়াৰ তাৰিখৰ সৈতে মোৰ পৰীক্ষাৰ তাৰিখো একে দিনাই পৰিল। সেয়ে পৰীক্ষা দিয়েই বিয়াৰ মণ্ডপত বহিছো। মোৰ বাবে আগতে পঢ়া-শুনা, পিছত বিয়া।’
তেওঁৰ বক্তব্য, ‘পৰীক্ষাৰ কথা মই নিজৰ পৰিয়ালৰ লগতে হ’বলগীয়া শহুৰৰ ঘৰকো জনাইছিলো। মোৰ এই সিদ্ধান্তত সকলোৱেই সন্মতি জনাইছিল। সেয়ে বিয়াৰ শুভ মহুৰৎ কিছু পিছুৱাই দিয়া হৈছিল। পৰীক্ষা দিয়েই বিয়াত বহো মই।’












