![]()
মনোৰঞ্জনঃ
হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ব্যক্তিগত ইউটিউব চেনেল ‘জুবিন গাৰ্গ মিউজিক’ ত প্ৰথমটো গীতৰ মুক্তিৰ বাবে শেহতীয়াকৈ সাজু হৈ পৰিছে। ‘মনৰে কইনা’ শীৰ্ষক নতুন গীতটিৰ ইতিমধ্যে টিজাৰ মুকলি কৰি দিয়া হৈছে। জুবিন গাৰ্গৰ প্ৰতিটো গীতৰ বাবেই আচলতে উৎসাহিত হৈ থাকে প্ৰত্যেকগৰাকী অনুৰাগী। তেওঁৰ কণ্ঠৰ মাদকতাই আজিও উৎসাহিত কৰিবলৈ সক্ষম হৈছে দৰ্শক-শ্ৰোতাক। জুবিন গাৰ্গ এটা ব্ৰেণ্ড; যি বহুতৰ বাবে অনুপ্ৰেৰণা। নৱপ্ৰজন্মৰ কন্ঠশিল্পী সমূহক যেতিয়া সংগীত ক্ষেত্ৰখনত তেওঁলোক কেতিয়াৰ পৰা জড়িত অথবা তেওঁলোকৰ অনুপ্ৰেৰণাৰ বিষয়ে প্ৰশ্ন কৰে তেতিয়া তেওঁলোক প্ৰত্যেকেই জুবিন গাৰ্গৰ নাম লয়।
তেতিয়াৰ অনামিকা, মায়াৰ পৰা আৰম্ভ কৰি এতিয়াৰ জুবিন গাৰ্গৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত “চিলা” শীৰ্ষক গীতটিলৈ হাৰ্টথ্ৰৱ গৰাকীৰ জনপ্ৰিয়তা অব্যাহত আছে। এতিয়াও হয়টো বহুতেই এয়াও ক’ব যে, ৰাতি টোপনিটো আহিবলৈও সেই জুবিন গাৰ্গৰ “মন যায়” গানটোৰেই প্ৰয়োজন। শেহতীয়াকৈ কণ্ঠশিল্পী গৰাকীৰ ব্যক্তিগত ইউটিউব চেনেলৰ মুক্তিয়ে উঠি অহা প্ৰজন্মক আগবাঢ়িবলৈ সহযোগিতা প্ৰদান কৰিব।













