![]()
নিউজ ডেস্কঃ
মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত মিকিৰগাঁৱত আজি এগৰাকী প্ৰসূতি মাতৃয়ে আত্মহননৰ চেষ্টা চলোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰে। উল্লেখযোগ্য যে, এটি দুমহীয়া কেঁচুৱাৰ সৈতে মহিলাগৰাকীয়ে গাঁওখনৰ মছজিদৰ নিৰ্মাণ চলি থকা চাদৰ ওপৰৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা কৰে৷ উল্লেখ্য যে কন্যা সন্তান হোৱাৰ বাবেই স্বামী ৰিয়াজুদ্দিন আহমেদে দীৰ্ঘদিন ধৰি শাৰীৰিক তথা মানসিক নিৰ্যাতন কৰি আহিছিল বুলি অভিযোগ উত্থাপন কৰে মহিলা গৰাকীয়ে ।
এই সন্দৰ্ভত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষকক জনোৱাৰ লগতে জালুগুটি আৰক্ষী পহৰাচকীত স্বামী আৰু স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে ৰুজু কৰিছিল এক গোচৰ ৷কিন্তু আৰক্ষীয়ে বিহিত ব্যৱস্থা লোৱাৰ বিপৰীতে কেৱল যৌতুক জনিত ৪৯৮ ধাৰা লগাই সকলো গাপ দিয়াৰ চেষ্টা কৰিছিল ৷ আনহাতে পত্নীৰ লগতে নিজৰ কণমানি দুমহীয়া সন্তানটোৰো খোৱা বোৱাৰ দায়িত্ব নলয় স্বামী ৰিয়াজুদ্দিন আহমেদে । যাৰ ফলশ্ৰুতিত হতাশাগ্ৰস্ত মহিলা গৰাকীয়ে আত্মহত্যাৰ পথ বাছি লয় । ইতিমধ্যে উপস্থিত স্থানীয় ৰাইজে ততাতৈয়াকৈ খবৰ দিয়ে আৰক্ষীক।
প্ৰায় ৮ ঘণ্টাজোৰা প্ৰচেষ্টাৰ অন্তত গাঁৱৰ ৰাইজৰ সহযোগত মৰিগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জন শইকীয়াৰ শইকীয়াৰ নেতৃত্বত উদ্ধাৰকাৰী দলে শিশু টিৰ সৈতে মহিলা গৰাকীক চাদৰ পৰা নমাই আনিবলৈ সক্ষম হয়। ইফালে অভিযুক্ত ৰিয়াজুদ্দিনক গ্ৰেপ্তাৰ নকৰাৰ বাবে উত্তেজিত হৈ পৰে গাঁৱৰ ৰাইজ। পৰৱৰ্তী সময়ত দণ্ডাধীশৰ উপস্থিতিত স্বাভাৱিক অৱস্থালৈ আহে পৰিস্থিতি আৰক্ষীয়ে সমগ্ৰ ঘটনাটো গুৰুত্ব সহকাৰে লৈ তদন্ত সম্পূৰ্ণ নোহোৱালৈ শিশু আৰু মাতৃৰ সকলো থকা খোৱাৰ ব্যৱস্থা কৰা হব বুলি অৱগত কৰে ।
ইতিমধ্যে অভিযুক্ত ৰিয়াজুদ্দিনে আৰক্ষীৰ ওচৰত কৰিছে আত্ম সমৰ্পন । ইফালে সমগ্ৰ ঘটনাটোত আজগৰ আলী নামৰ এজন দালাল জড়িত আছে আৰু এই আজগৰ আলীৰ নামৰ ব্যক্তিজনৰ বিৰুদ্ধে উচিত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে ভুক্তভোগী মহিলা গৰাকীয়ে।













