![]()
নিউজ ডেস্কঃ
দেশৰ দৈনিক কোভিড সংক্রমণ বুধবাৰতকৈ অলপ কমিছে যদিও ৯ হাজাৰৰ বেছি। বিগত ২৪ ঘণ্টাত দেশত আক্রান্ত হৈছে ৯ হাজাৰ ১১৯ জন। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, দেশত মুঠ আক্রান্তৰ সংখ্যা ৩ কোটি ৪৫ লক্ষ ৪৪ হাজাৰ ৮৮২।
আনহাতে, বিগত ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ৩৯৬ জনৰ। ইয়াৰ ভিতৰত ৩০৮ জনেই কেৰালাত। মহাৰাষ্ট্রত ৪১, তামিলনাডুত ১৪ আৰু পশ্চিমবঙ্গত মৃত্যু হৈছে ১২ জন। বাকী সকলো ৰাজ্যতেই দৈনিক মৃত্যু পাঁচজনৰ ভিতৰতে আছে।
ইফালে বিগত ২৪ ঘণ্টাত সক্রিয় ৰোগী কমিছে ১ হাজাৰ ৫৪১ জন। দেশত বৰ্তমান সক্রিয় ৰোগী আছে ১ লক্ষ ৯ হাজাৰ ৯৪০ জন।













