![]()
নিউজ ডেস্কঃ
বৃহস্পতিবাৰে পুৱতি নিশা ৩.২৫ বজাত দিল্লীৰ এপ’ল’ হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে সাহিত্য অকাডেমি বঁটা বিজয়ী কবি সনন্ত তাঁতীয়ে৷ বিগত ১২ বছৰ ধৰি তেওঁ দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ থাকি ৬৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে৷ ১৯৫২ চনৰ ৪ নৱেম্বৰত কৰিমগঞ্জৰ কালিবাৰী চাহ বাগিচাত জন্মগ্ৰহণ কৰা কবি সনন্ত তাঁতীয়ে ‘কাইলৈ দিনটো আমাৰ হ’ব’ কবিতা পুথিৰ বাবে ২০১৮ চনত সাহিত্য একাডেমি বঁটা লাভ কৰিছিল৷
বিশিষ্ট কবিগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
এক শোকবাৰ্তাত সোণোৱালে কয়, “কাইলৈৰ দিনটো আমাৰ হ’ব’ জীৱনমুখী অনন্য কাব্যশৈলীৰে বিশিষ্ট কবি সনন্ত তাঁতীদেৱে অসমীয়া সাহিত্যৰ বৰভঁৰালটো সমৃদ্ধ কৰি থৈ গ’ল। সাহিত্য অকাডেমি বঁটা বিজয়ী স্বনামধন্য কবিগৰাকীৰ দেহাৱসানৰ বাতৰি পাই অত্যন্ত মৰ্মাহত হৈছোঁ। তেখেতৰ কবিতাত প্ৰতিফলিত হৈছিল জীৱনৰ বাস্তৱ আৰু মৰ্মস্পৰ্শী প্ৰতিচ্ছবি। কবিতাৰ অতুলনীয় প্ৰকাশভংগীৰ মাজেৰে তেখেতে এগৰাকী সমাজ সচেতকৰো ভূমিকা পালন কৰিছিল। সনন্ত তাঁতীদেৱৰ বিয়োগত অসমীয়া সাহিত্য জগতৰ এটি উজ্জ্বল নক্ষত্ৰ খহি পৰিল ৷”













