![]()
নিউজ ডেস্ক
এছিয়াৰ ধনীতম ব্যক্তি মুকেশ আম্বানিক চেৰ পেলাই শীর্ষস্থান দখল কৰিলে আন এক ভাৰতীয়ই। শেহতীয়া প্ৰতিবেদন মতে, আদানি গ্রুপৰ অধ্যক্ষ গৌতম আদানি বৰ্তমান এছিয়াৰ শীৰ্ষ ধনী ব্যক্তি।
একাধিক সংবাদ মাধ্যমৰ ৰিপোর্ট অনুযায়ী, ২০২০ৰ এপ্রিলৰ পৰা আদানিৰ সম্পত্তিৰ পৰিমাণ চমকপ্রদ হাৰত বৃদ্ধি পাইছে। বিগত বছৰৰ মার্চত তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ আছিল প্রায় ৪.৯১ বিলিয়ন মার্কিন ডলাৰ। শেহতীয়া ২০ মাহত তেওঁৰ সম্পত্তিৰ পৰিমাণ হোৰাহোৰে বাঢ়িছে। তেওঁৰ সম্পত্তি বৃদ্ধিৰ হাৰ ১৮০৮ শতাংশ। এই মুহূর্তত তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে ৮৩.৮৯ বিলিয়ন ডলাৰ।
আদানিৰ প্রতিদ্বন্দ্বী মুকেশ আম্বানিৰ সম্পত্তি বিগত ২০ মাহত বাঢ়িছে ২৫০ শতাংশ হাৰত। তেওঁৰ বৰ্তমান মুঠ সম্পত্তিৰ পৰিমাণ ৫৪.৭ বিলিয়ন ডলাৰ।












