![]()
নিউজ ডেস্কঃ
বৃহস্পতিবাৰে উত্তৰ প্রদেশৰ গৌতমবুদ্ধ নগৰৰ জেৱাৰত অৱস্থিত নয়ডা আন্তর্জাতিক বিমানবন্দৰৰ শিলান্যাস কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। এইটো হৈছে ৰাজ্যখনৰ পঞ্চমটো আন্তর্জাতিক বিমানবন্দৰ।
১৩০০ হেক্টৰ ভূমিৰ ওপৰত নিৰ্মাণৰত বিমানবন্দৰটিৰ প্রথম পৰ্যায়ৰ নিৰ্মাণত খৰচ হৈছে ১০ হাজাৰ কোটি টকাৰো অধিক। ২০২৪ চনৰ ভিতৰত বিমানবন্দৰটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে। বিমানবন্দৰটোৰ সম্পূৰ্ণ নিৰ্মাণত ব্যয় হ’ব প্রায় ৩৫ হাজাৰ কোটি টকা। কেন্দ্রীয় অসামৰিক বিমান পৰিবহণ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই জনোৱা মতে, নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত এইটো হ’ব এছিয়াৰ বৃহত্তম বিমানবন্দৰ। আনহাতে, বিমানবন্দৰটোত ৰাজ্যখনৰ ১ লাখৰো অধিক লোকে কর্মসংস্থাপন পাব বুলিও তেওঁ প্ৰকাশ কৰে।












