![]()
নিউজ ডেস্কঃ
আপুনি লৈ ফুৰোৱা আধাৰ কার্ডখন নকল নে আচল জানেনে? বহু ক্ষেত্রতেই নকল হ’ব পাৰে। কিন্তু সেইটো কেনেদৰে বুজি পাব? ইয়ৰ বাবে আছে বহু পন্থা। সম্প্রতি আধাৰ কার্ডৰ প্রতাৰণা ৰুধিবলৈ টুইট কৰিছে ইউনিক আইডেন্টিফিকেচন অথৰিটি অব ইণ্ডিয়াই (UIDAI)। টুইটটোত কোৱা হৈছে যে আধাৰ কার্ডক নিজৰ প্রামাণ্য নথি হিচাবে গ্রহণ কৰাৰ আগতে সেয়া পৰীক্ষা কৰাই লওক। ১২ সংখ্যাৰ নম্বৰ মানেই যে সদায় আধাৰ হ’ব সেয়া কিন্তু নহয়।
• আধাৰ কার্ডৰ অফিচিয়েল ৱেবছাইট https://resident.uidai.gov.in–লৈ গৈ লগ ইন কৰক।
• এইবাৰ ‘মাই আধাৰ’ত ক্লিক কৰি ‘ভেৰিফাই আধাৰ নম্বৰ’–লৈ যাওক।
• তাত ১২ সংখ্যাৰ আধাৰ নম্বৰটো দিয়ক।
• পৰৱর্তী পদক্ষেপত আপোনাক ‘কেপচা ভেৰিফিকেচন’ কমপ্লিট কৰিব লাগিব। তাত ক্লিক কৰি এই কাম সম্পূর্ণ কৰক।
• যদি ক্লিক কৰাৰ পিছত নতুন পেজ খোলে আৰু তাত গ্রাহকৰ আধাৰ নম্বৰ দেখা যায়, তেনেহ’লে আপোনাৰ কার্ড আচল।
• তাত আপোনাৰ আধাৰ কার্ডৰ নম্বৰৰ উপৰি বয়স, লিঙ্গ আৰু ৰাজ্যসহ বিভিন্ন বিৱৰণ দেখুৱাব।
• নতুন পেজত কাৰ্ডৰ বিৱৰণ নেদেখালে বুজিব যে আপোনাৰ আধাৰ কার্ড নকল।












