![]()
নিউজ ডেস্কঃ
দেশৰ মহিলাসকলে ভোটাধিকাৰ পোৱাৰ ১০০ বছৰ পিছত ডেনমাৰ্কৰ প্রথম প্রধানমন্ত্রী হয় মেগডালিনা এণ্ডাৰছন। কিন্তু প্রধানমন্ত্রী পদত বহাৰ কেইঘণ্টামান পিছতেই ইস্তফা দিয়ে তেওঁ। কাৰণ তেওঁৰ চৰকাৰৰ মিত্ৰদলবোৰে চৰকাৰ এৰি আঁতৰি যায়। বাজেট গৃহীত কৰোৱাতো ব্যর্থ হয় মেগডালিনা।
এক সংবাদমেলত মেগডালিনাই কয়, ‘মোৰ বাবে এই পদ অতি সন্মানৰ। কিন্তু যি চৰকাৰৰ বৈধতাক লৈ প্রশ্ন উঠিব পাৰে, তাৰ নেতৃত্ব দিব নিবিচাৰো।’ লগতে তেওঁ জনায় যে তেওঁৰ দলে একক সংখ্যাগৰাষ্ঠতা পালে নেত্রী হিচাবে তেওঁ পুনৰ দেশৰ মচনদত বহিব বিচাৰে। উল্লেখ্য, তেওঁ বিগত ৭ বছৰ ধৰি দেশখনৰ বিত্তমন্ত্রী হৈ আছিল।
বুধবাৰে সংসদত হোৱা ভোটত তেওঁ দেশৰ প্ৰথম মহিলা প্রধানমন্ত্রী হয়। কিন্তু চাৰে সাত ঘণ্টাহে উক্ত পদত থাকিব পাৰে তেওঁ৷












