![]()
মনোৰঞ্জনঃ
যাৰ কন্ঠই হৃদয়খন খামোচ মাৰি ৰাখি সুৰবোৰ সিঁৰে সিঁৰে বিয়পাই দিব পাৰে তেওঁ হৈছে তৰালী শৰ্মা। যিগৰাকীৰ কন্ঠই অনুৰাগীৰ মনলৈ এক প্ৰশান্তি আনি দিব পাৰে তেওঁৰ প্ৰতিটো গীতৰ বাবেই আচলতে ৰৈ যায় শ্ৰোতা-দৰ্শক। তাহানিৰ দিনৰ পৰা বৰ্তমানলৈ তৰালি শৰ্মাৰ কন্ঠত কি যাদু আছে বুলি সুধিলে তাৰ উত্তৰত এটাই কথা ক’ব পৰা যায় যে, তেওঁৰ কন্ঠত মৰম আছে, সৰু সৰু কথাৰে গুঁঠি লোৱা আৱেগ আছে আৰু শ্ৰোতাৰ হিয়া মন জুৰ পেলাব পৰাকৈ এসোপা মান আদৰ আছে। যিয়ে প্ৰেমক সুন্দৰৰ শাৰীৰ পৰা লৈ গৈ সৰ্বাংগ সুন্দৰ কৰি তোলে; তেওঁৰ কন্ঠৰে শেহতীয়াকৈ মুক্তি লাভ কৰিছে এটি নতুন গীত “মাতিলেই নামি অহা জোনাক”। আচলতে, এটা নতুন এলবামৰ সৈতে অনুৰাগীৰ কাষ চাপিবলৈ সাজু হৈছে কন্ঠশিল্পী তৰালি শৰ্মা; “হেঙুলীয়া” নামে এলবামটোৰ পিছৰ বহুদিনীয়া বিৰতিৰ অন্তত “ডেউকা” শীৰ্ষক এই এলবামটোৰ সৈতে আহিছে কন্ঠশিল্পী গৰাকী। এই যে তাহানি দিনৰ “অনুৰাগ তোমাৰ বাবে”, “হেঙুলীয়া সপোনে” আদি তৰালি শৰ্মাৰ গীতবোৰ; তেওঁৰ কন্ঠৰে আহিবলগীয়া নতুন গীতৰ মুক্তিৰ বাৰ্তা পালেই জনসাধাৰণ উৎসাহিত হোৱা এয়াও হৈছে অন্য এক কাৰণ।
https://youtu.be/YaodVokqc1s
“ডেউকা” ৰ প্ৰথমটো গীত “মাতিলেই নামি অহা জোনাক”। গীতটিত কন্ঠদান কৰাৰ লগতে কথা, সুৰ কৰিছে তৰালি শৰ্মাই নিজে। ইয়াৰ ভিডিঅ’ ৰ বিষয়বস্তু, চিত্ৰনাট্য আৰু পৰিচালনা পৰিচালক মঞ্জুল বৰুৱাৰ। আনহাতে, ইয়াত শব্দ- সংমিশ্ৰণ কৰিছে জিন্টু বৰদলৈয়ে আৰু সংগীত ব্যৱস্থাপনা দীপকেশ বৰগোঁহাইৰ। লগতে, গীতটিত দৃশ্যগ্ৰহণ কৰিছে নগেন বৈশ্যই তথা শব্দ দেৱজিৎ গায়নৰ। উল্লেখ্য যে, উক্ত গীতটিৰ বাহিৰে এলবামটোত অন্তৰ্ভূক্ত বাকীকেইটা গীতত কথা দিছে গৌতম শৰ্মা আৰু ৰাহুল গৌতম শৰ্মাই। “ডেউকা” ৰ এটি ডাঙৰ টীমেৰে নিৰ্মিত এই গীতসমূহক অতি মৰমেৰে জনসাধাৰণৰ মাজত উলিয়াই দিম বুলি প্ৰকাশ কৰে কন্ঠশিল্পী তৰালি শৰ্মাই নিজেই। তৰালি শৰ্মাৰ একোটা গীতে মুক্তিৰ লগে লগেই খলকনি তোলাৰ এক সক্ষমতা আছে।













