![]()
নিউজ ডেস্কঃ
বিশ্বৰ ১১০ নম্বৰ আৰু ভাৰতৰ ১৬ নম্বৰ বেটছমেন হিচাবে জীৱনৰ প্ৰথম টেষ্টতে শতৰানৰ কৃতিত্ব অর্জন কৰিলে শ্ৰেয়স আয়াৰে।
ইয়াৰ পূৰ্বে ভাৰতীয় বেটছমেনসকলৰ ভিতৰত শিখৰ ধৱন, ৰোহিত শর্মা, গুণ্ডাপ্পা বিশ্বনাথ, পৃথ্বি শ্ব, সৌৰভ গাংগুলী, সুৰিন্দৰ অমৰনাথ, সুৰেশ ৰাইনা, লালা অমৰনাথ, আব্বাছ আলী বেগ, মহম্মদ আজহাৰউদ্দিন, দীপক শোধন, হনুমন্ত সিং, বীৰেন্দ্র ছেহবাগ, প্রবীণ আমৰে আৰু এজি কৃপাল সিঙে এই অভিলেখ গঢ়িছিল।
ভাৰতৰ হৈ প্রথম অভিষেক টেষ্টত শতকৰ অভিলেখ গঢ়িছিল লালা অমৰনাথে। ১৯৩৩ চনত মুম্বাইত ইংলেণ্ডৰ বিৰুদ্ধে তেওঁৰ জীৱনৰ প্রথম টেষ্টত দ্বিতীয় ইনিংছত ১১৮ ৰান কৰে তেওঁ। আনহাতে, এতিয়ালৈকে অভিষেক টেষ্টত সৰ্বোচ্চ ৰান কৰা ভাৰতীয় হিচাবে ৰেকর্ড আছে শিখৰ ধৱনৰ দখলত। ২০১৩ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মোহালিত অভিষেক টেষ্টত প্রথম ইনিংছত ১৮৭ ৰান কৰে তেওঁ।













