![]()
নিউজ ডেস্কঃ
সন্ত্ৰাসবাদীৰ বৰ্বৰ আৰু ভয়াৱহ আক্ৰমণৰ জীয়া স্মৃতি ২৬/১১ৰ আজি দ্বাদশ বৰ্ষপূৰ্তি৷ উল্লেখ্য, ২০০৮ চনৰ ২৬ নৱেম্বৰৰ নিশাৰ পৰা চাৰি দিন ধৰি মুম্বাইত সন্ত্ৰাসবাদীয়ে বোৱাইছিল তেজৰ নদী৷ আৰব সাগৰ পাৰ হৈ দক্ষিণ মুম্বাইত প্ৰৱেশ কৰিছিল ১০ সশস্ত্র পাকিস্তানী সন্ত্ৰাসবাদী। বিয়পি পৰিছিল মুম্বাইৰ লিঅ’পোল্ড কাফে, নৰিমান হাউছ, তাজ হোটেল, ছত্রপতি শিৱাজী বাছ টার্মিনাছ, ট্রাইডেন্ট হোটেল, কামা হস্পিটেলসহ চহৰৰ বিভিন্ন গুৰুত্বপূর্ণ স্থানত।
বোৱাই দিছিল তেজৰ নৈ। উক্ত ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুৱাইছিল ২৮ জন বিদেশী নাগৰিকসহ ১৬৪ জনে। আহত হৈছিল ৩০৮ জন। আজি দ্বাদশ বৰ্ষপূৰ্তিত সকলোৱে যেন এক ক’লা অধ্যায়ৰ অনাকাংক্ষিত স্মৃতি ৰোমন্থন কৰি মৰ্মাহত হৈছে। সেয়ে হয়তো উক্ত স্মৃতি সুঁৱৰি বিদেশমন্ত্ৰী এছ জয়শংকৰে টুইট কৰিছে, ‘পাহৰা নাই কেতিয়াও’৷













