![]()
নিউজ ডেস্কঃ
চাৰি দিন পিছত দেশৰ দৈনিক কোভিড সংক্রমণ পুনৰ ১০ হাজাৰ অতিক্ৰম কৰিলে। বিগত ২৪ ঘণ্টাত দেশত আক্রান্ত হৈছে ১০ হাজাৰ ৫৪৯ জন। অৱশ্যে কেৰালাত আক্রান্ত প্রায় ছয় হাজাৰ বাবেই দেশৰ আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে। কেৰালাক বাদ দি বাকী ৰাজ্যবোৰত এক হাজাৰৰ তলত আছে আক্রান্তৰ সংখ্যা। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, দেশত মুঠ আক্রান্তৰ সংখ্যা ৩ কোটি ৪৫ লক্ষ ৫৫ হাজাৰ ৪৩১ জন
আনহাতে, বিগত ২৪ ঘণ্টাত দেশত প্রাণ হেৰুৱাইছে ৪৮৮ জনে। ইয়াৰ ভিতৰত ৩৮৪ জনেই কেৰালাৰ। মহাৰাষ্ট্রত ৫০, তামিলনাডুত ১৭ আৰু পশ্চিমবঙ্গত ১১ জনৰ মৃত্যু হৈছে। বাকী ৰাজ্যবোৰত মৃতকৰ সংখ্যা দহৰ কম। ইফালে বিগত ২৪ ঘণ্টাত সক্রিয় ৰোগীৰ সংখ্যা বৃদ্ধিৰ ফলত বৰ্তমান দেশত মুঠ সক্ৰিয় ৰোগী আছে ১ লক্ষ ১০ হাজাৰ।













