![]()
নিউজ ডেস্কঃ
২৬ নৱেম্বৰ দিনটোক প্ৰতি বছৰে দেশত ভাৰতৰ সংবিধান গ্ৰহণৰ স্মৃতিত সংবিধান দিৱস হিচাবে পালন কৰা হয় । ২০১৫ চনৰ ১৯ নৱেম্বৰত গেজেট অধিসূচনাৰ জৰিয়তে ভাৰত চৰকাৰে ২৬ নৱেম্বৰক সংবিধান দিৱস হিচাপে ঘোষণা কৰে।
উল্লেখ্য, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৫ চনৰ ১১ অক্টোবৰত মুম্বাইত বিআৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন অনুষ্ঠানত এই কথা ঘোষণা কৰিছিল। আম্বেদকাৰ সংবিধান সভাৰ খচৰা সমিতিৰ অধ্যক্ষ আছিল ৷ সংবিধান ৰচনাত তেওঁৰ ভূমিকা আছিল গুৰুত্বপূৰ্ণ। পূৰ্বতে এই দিনটো আইন দিৱস হিচাপে পালন কৰা হৈছিল। ২০১৫ চনটো ভাৰতীয় সংবিধানৰ জনক বিআৰ আম্বেদকাৰৰ ১২৫ সংখ্যক জন্ম বাৰ্ষিকী আছিল৷ আম্বেদকাৰৰ চিন্তা আৰু ধাৰণা বিয়পাবলৈ সমগ্ৰ বছৰটোত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।












